গুৱাহাটী, ৬ মে': অসমত ৩০ শতাংশ বৃদ্ধি পাইছে ছাইবাৰ অপৰাধৰ সংখ্যা (Cyber crime in Assam increases by 30 per cent)। ২০১৮ চনত দেশত ছাইবাৰ অপৰাধৰ সংখ্যা আছিল ২ লাখ । দেশত বিগত বৰ্ষত ১৪ লাখ লৈ বৃদ্ধি পাইছে ছাইবাৰ অপৰাধৰ সংখ্যা (Cyber crime cases in India)। এই মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ ।
আৰক্ষী বিষয়াগৰাকীৰ মতে এনে ধৰণৰ অপৰাধ প্ৰতিৰোধৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ৰাইজক সজাগ কৰাৰ লগতে এই ক্ষেত্ৰত আৰক্ষীক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ অংশস্বৰূপে True caller আৰু cyber peace ৰ উদ্যোগত অসম আৰক্ষীৰ সহযোগত শুকুৰবাৰে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাইবাৰ অপৰাধ হ্ৰাস কৰিবৰ বাবে আয়োজন কৰা হয় এক অনুষ্ঠানৰ । এই অনুষ্ঠানতে সংবাদমাধ্যমৰ আগত ছাইবাৰ অপৰাধ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ।
তেওঁ কয় যে ছাইবাৰ Security আৰু ছাইবাৰ Safety ৰ বাবে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বৰ্তমান প্ৰায় সংখ্যক লোকে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰে । True caller আৰু cyber peace ৰ উদ্যোগত দেশৰ ১৫ লাখ লোকক ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰশিক্ষণ দিয়া হ'ব (Training for Cyber Crime Prevention)।
এই প্ৰশিক্ষণ প্ৰক্ৰিয়া অসমৰ পৰাই আৰম্ভ হৈছে । এই প্ৰশিক্ষণত প্ৰায় ৮০০ লোকে অংশ গ্ৰহণ কৰে । ছাইবাৰ অপৰাধ ৰোধ কৰিবলৈ হ'লে জনসাধাৰণো সজাগ হ'ব লাগিব বুলি তেওঁ উল্লেখ কৰে । ছাইবাৰ অপৰাধৰ বলি হ'লে ২৪ ঘন্টাৰ ভিতৰত হেল্পলাইন নম্বৰ ১৯৩০ ত যোগাযোগ কৰিবলৈ ৰাইজক তেওঁ আহ্বান জনায় ।
লগতে পঢ়ক :Manipur IED blast : মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ IED বিস্ফোৰণ