ETV Bharat / state

জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

author img

By

Published : Apr 18, 2021, 4:38 PM IST

জিএমচিএইচত প্ৰায় ১৫০ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে । কালাপাহাৰৰ ক'ভিড হাস্পতালত থকা ১৬৫ খন বিচনা প্ৰায় ভৰ্তি হৈ আছে । মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৬২ খন আৰু সোণাপুৰত ৬৫ খন বিচনা ক'ভিড ৰোগীৰ বাবে আছে যদিও প্ৰায় এয়াও পূৰ্ণ হৈ পৰিছে । যাৰ বাবে জিএমচিএইচত অতিৰিক্তভাৱে ২৫৫ খন বিচনা ক'ভিড ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে ।

জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি
জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

গুৱাহাটী,১৮ এপ্ৰিল: অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ তথা জটিলতাৰ দিশে গতি কৰিছে । প্ৰতি মুহুৰ্ততে ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰিছে । ইফালে, ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে । বিগত ছয় দিনত তিনি হাজাৰৰো অধিক লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ডেৰ হাজাৰৰো অধিক লোক কেৱল গুৱাহাটী মহানগৰীৰ । বিগত ২৪ ঘণ্টাত মহানগৰীত নতুনকৈ ৩৬০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

বিছনাৰ অভাৱ
বিছনাৰ অভাৱ

গুৱাহাটীৰ পৰিস্থিতিয়ে বৰ্তমান এনে পৰ্যায় পাইছেগৈ যে ক'ভিডৰ বাবে চৰকাৰীভাৱে ব্যৱস্থা কৰা বিচনা কৰ'ণা ৰোগীৰে ভৰি পৰিছে । ব্যক্তিগত খণ্ডৰ হাস্পতালতো ক'ভিড ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক'ভিড ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে । প্ৰাপ্ত তথ্য মতে, পেয়িং কেবিনকে ধৰি জিএমচিএইচত প্ৰায় ১৫০ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ।

জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি
জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ইফালে, কালাপাহাৰৰ ক'ভিড হাস্পতালত থকা ১৬৫ খন বিচনা সম্প্ৰতি ভৰ্তি হৈ পৰিছে । আনহাতে, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৬২ খন আৰু সোণাপুৰত ৬৫ খন বিচনা ক'ভিড ৰোগীৰ বাবে আছে যদিও প্ৰায় পূৰ্ণ হৈ পৰিছে । যাৰ বাবে জিএমচিএইচত অতিৰিক্তভাৱে ২৫৫ খন বিচনা ক'ভিড ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে । সেইদৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালতো ক'ভিড ৰোগীৰ বাবে বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে । অৱশ্যে, সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰিলে এইসমূহ বিচনা যিকোনো সময়তে পূৰ্ণ হৈ পৰিব পাৰে । কাৰণ গুৱাহাটীতে দৈনিক ২৫০-৩০০ লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল
মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল

অৱশ্যে গৰিষ্ঠসংখ্যক ক'ভিড ৰোগীয়ে হোম আইছ’লেচনত থকাৰ বাবে হাস্পতালৰ বিছনাৰ অভাৱ কিছু লাঘৱ হৈছে । অন্যথা পৰিস্থিতি আৰু অধিক জটিল হ'লহেতেন বুলি সহজে অনুমেয় । প্ৰাপ্ত তথ্য মতে, বৰ্তমান সময়ত কৰ’ণা আক্ৰান্ত হিচাপে চিনাক্ত হোৱা অধিকাংশ লোক কেইবাঠাইৰ পৰা ভ্ৰমণ কৰি অহা । দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা ৰে'ল, বিমানেৰে অহা বহু যাত্রীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ।

জি এম চি এইচ
জি এম চি এইচ

উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত ২৫ জন যাত্রী আৰু বৰঝাৰৰ বিমানবন্দৰত ২২ জন যাত্রীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছিল । গুৱাহাটীত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আয়ুৰ্বেদিক হাস্পতাল, শিঙিমাৰী হাস্পতাল, পতঞ্জলী যোগপীঠকে ধৰি কেইবাখনো হাস্পতালত ক'ভিড ৰোগীৰ বাবে ৬০০ ৰো বেছি বিচনা সাজু কৰি ৰখা হৈছে । উল্লেখ্য যে, ক'ভিডৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিলেও সৰ্ব সাধাৰণ ৰাইজ সজাগ-সচেতন নহ'লে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ নহ'ব ।

লগতে পঢ়ক: পুৰণিগুদামত ‘অংগাভিনয় অসম’ৰ দ্বাৰা বিহু প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.