ETV Bharat / state

Crime statistics in Guwahati: অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ

author img

By

Published : Apr 12, 2022, 10:21 PM IST

গুৱাহাটী মহানগৰী বৰ্তমান অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে । অপৰাধ ৰোধ কৰাৰ বাবে শেহতীয়াভাৱে আৰক্ষীয়ে অপৰাধীক এনকাউন্টাৰ কৰাৰ পিছতো আৰক্ষীয়ে অপৰাধ ৰোধ কৰিব পৰা নাই (Crime statistics in Guwahati) ৷ যোৱা ৭২ ঘন্টাত গুৱাহাটীৰ মাজমজিয়াত ৫ টাকৈ মৃতদেহ উদ্ধাৰ হৈছে । ইয়াৰে ৪ টা হত্যাৰ ঘটনা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।

Crime statistics in Guwahati
অপৰাধৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ

গুৱাহাটী, 12 এপ্ৰিল: গুৱাহাটী মহানগৰী বৰ্তমান অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে । অপৰাধ ৰোধ কৰাৰ বাবে শেহতীয়াভাৱে আৰক্ষীয়ে অপৰাধীক এনকাউন্টাৰ কৰাৰ পিছতো আৰক্ষীয়ে অপৰাধ ৰোধ কৰিব পৰা নাই । যোৱা কিছুদিন আগতে গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল নায়কক আৰক্ষীয়ে এনকাউন্টাৰ কৰি হত্যা কৰাৰ পাছতো গুৱাহাটীত অপৰাধৰ ঘটনা হ্ৰাস হোৱা নাই, বৰং বাঢ়িছেহে ।

যোৱা ৭২ ঘন্টাত গুৱাহাটীৰ মাজমজিয়াত ৫ টাকৈ মৃতদেহ উদ্ধাৰ হৈছে । ইয়াৰে ৪ টা হত্যাৰ ঘটনা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।বৰ্তমানলৈ মন্ত্ৰী-বিধায়কৰ নিৰাপত্তাত ব্যস্ত থকা মহানগৰ আৰক্ষীয়ে এতিয়ালৈ দোষীক কৰায়ত্ত কৰিব পৰা নাই । ইপিনে, আকৌ সোমবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে মহানগৰীত হেনো অপৰাধৰ হাৰ ৩৯% কমিছে ।

শেহতীয়াভাৱে, বিধানসভাৰ যোৱা বাজেট অধিৱেশনত অসম চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ছয় বছৰত গুৱাহাটীত চুৰি, হত্যা আৰু অন্যান্য অপৰাধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে । 2016 চনৰ এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰী 2022 চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত 31,005 টা অপৰাধৰ গোচৰ মহানগৰীৰ আৰক্ষী থানাসমূহত পঞ্জীয়ন হৈছে (Crime statistics in Guwahati)।

অপৰাধৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ

মহানগৰীত 2016 চনৰ এপ্ৰিলৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰীলৈকে 23,311 টা চুৰি ঘটনা সংঘটিত হৈছে (Registered crime in Guwahati)। চুৰিৰ উপৰিও গুৱাহাটীত অপহৰণ, পকেটমাৰ, হত্যা আৰু লুণ্ঠনৰ ঘটনাও সমান্তৰালভাৱে বৃদ্ধি পাইছে । ২০১৬ ৰ পৰা ২০২২ চনৰ ভিতৰত গুৱাহাটীত ৩,৬৪৮ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে । ইপিনে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোৱা ২৪ ঘন্টাত গুৱাহাটীত তিনিটাকৈ হত্যাৰ ঘটনা সংঘটিত হৈছে (Murder in Guwahati)। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত মহানগৰীত অপৰাধ হ্ৰাস হোৱা বুলি দাবী কৰিছে বুলি তেও প্ৰশ্ন কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বি জে পি চৰকাৰে মহানগৰবাসীক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে । চৰকাৰী তথ্য মতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত ২০ খন আৰক্ষী থানাৰ বেছিভাগ আৰক্ষী থানাৰ আন্তঃগাথঁনি অতি বেয়া অৱস্থাত আছে (Poor condition of police station in Guwahati)। বেছিভাগ আৰক্ষী থানাত পৰ্য্যাপ্ত আৰক্ষী নাই ।

২০ খন আৰক্ষী থানাৰ ভিতৰত ১২ খন আৰক্ষী থানাতে তদন্তকাৰী আৰক্ষী বিষয়াৰ অভাৱৰ বাবে অপৰাধী সাৰি যাবলৈ সুযোগ পোৱাৰ দৰে ঘটনা সংঘটিত হৈছে । ১০ খন আৰক্ষী থানাত আৰক্ষীৰ পৰ্য্যাপ্ত তহল দিয়া বাহনৰ অভাৱ । এনেদৰে আৰক্ষীৰ আধুনিকীকৰণৰ অভাৱৰ বাবে মহানগৰ আৰক্ষী অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা দেখা গৈছে ।

লগতে পঢ়ক: তিনিচুকীয়াত অস্ত্ৰসহ গ্ৰেপ্তাৰ APLA কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.