গুৱাহাটী,11 মাৰ্চ: ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাততে এগৰাকী আৰক্ষী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া গৰাকী উপ পৰিদৰ্শক মুচাদ্দিক হুছেইন বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি,কিছুদিন পূৰ্বে লালমাটিত ক্ৰাইম ব্ৰাঞ্চে চলোৱা এক অভিযানত 3 কিল’গ্ৰাম নিচাযুক্ত W.Y টেবলেটৰ সৈতে দুজন লোকক কৰায়ত্ব কৰা হৈছিল ৷ জব্দ হোৱা নিচাযুক্ত টেবলেটখিনিৰ বজাৰ মূল্য 6 লাখ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই ঘটনাৰ সৈতে আৰক্ষী বিষয়া গৰাকী জড়িত থকাৰ প্ৰমাণ লাভ কৰাৰ পাছতে ক্ৰাইম ব্ৰাঞ্চে আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে, 4 মাৰ্চত গুৱাহাটীৰ এখন হোটেলত ড্ৰাগছৰ সৈতে দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছিল ৷ ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে উপ পৰিদৰ্শক মুচাদ্দিক হুছেইনে টকা দাবী কৰাৰ লগতে সৰবৰাহকাৰীক নিজৰ গুগল পে’ৰ নম্বৰ প্ৰেৰণ কৰিছিল ৷
লগতে পঢ়ক: কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ