ETV Bharat / state

গুৱাহাটীত কভিড-19 ত আক্ৰান্ত ৰোগীৰ সৎকাৰত অনিয়ম - Cremation guideline violation in Assam by administration

প্ৰশাসনৰ দায়িত্বতাহীন কাণ্ডত এতিয়া আতংকিত হৈ পৰিছে উলুবাৰী শ্মশানৰ সমীপৱৰ্তী স্থানীয় ৰাইজ ৷ সৎকাৰ কৰাৰ দুদিন পাৰ হৈ যোৱাৰ পাছতো উলুবাৰী শ্মশানত এতিয়াও পৰি আছে মৃতকৰ কাপোৰ আৰু সৎকাৰ কৰা অৱশিষ্ট খৰি ৷

Cremation guideline violation in Assam by administration in respect of Covid 19 deceased
গুৱাহাটীত কভিড-19 ত আক্ৰান্ত ৰোগীৰ সৎকাৰত অনিয়ম
author img

By

Published : May 20, 2020, 10:16 PM IST

গুৱাহাটী, 20 মে': দেশজুৰি কৰণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ'ণাত আক্ৰান্ত এজন ৰোগীৰ সৎকাৰত নিৰ্ধাৰিত নীতি নিয়ম নমনাৰ গুৰুতৰ অভিযোগ ৷ গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ এজন কভিড-19 ত আক্ৰান্ত ৰোগীক সৎকাৰ কৰাৰ দুদিন পাৰ হৈ যোৱাৰ পাছতো উলুবাৰী শ্মশানত এতিয়াও পৰি আছে মৃতকৰ কাপোৰ আৰু সৎকাৰ কৰা অৱশিষ্ট খৰি ৷ প্ৰশাসনৰ এই দায়িত্বতাহীন কাণ্ডত এতিয়া আতংকিত হৈ পৰিছে উলুবাৰী শ্মশানৰ সমীপৱৰ্তী স্থানীয় ৰাইজ ৷ ইয়াৰ উপৰিও প্ৰশাসনে উলুবাৰী শ্মশানত বলপূৰ্বক সৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে উলুবাৰী শ্মশান কমিটিয়ে ৷

গুৱাহাটীত কভিড-19 ত আক্ৰান্ত ৰোগীৰ সৎকাৰত অনিয়ম

উল্লেখ্য যে, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা অনুসৰি ক'ৰণা ভাইৰাচত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু হোৱাৰ পাছত মৃতদেহ সৎকাৰ কৰাৰ ক্ষেত্ৰত মানিচলিব লাগে বহু নিয়ম তথা সাৱধানতা ৷ মৃত ব্যক্তি জনৰ দেহৰ পৰা যাতে কোনো কাৰণতে ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰিব লাগে বহু সাৱধানতা ৷ চিকৎসক গাৰাকীয়ে জনোৱা মতে ক'ত আৰু কেনেকৈ সুৰক্ষাৰ মাজেৰে মৃতদেহ সৎকাৰ কৰা হ'ব সেই সকলো বোৰৰ দায়িত্ব থাকে প্ৰশাসনৰ হাতত ৷ কিন্তু ইমানবোৰ নীতি নিৰ্দেশনা থকাৰ পাছতো গুৱাহাটী মহানগৰ প্ৰশাসনে ক'ৰণা ভাইৰাচত আক্ৰান্ত ৰোগীক সৎকাৰৰ ক্ষেত্ৰত নিয়ম নমনাৰ বিষয়টোৱে স্বাভাৱিকতেই আতংকিত কৰিছে উলুবাৰী শ্মশানৰ সমীপৱৰ্তী স্থানীয় ৰাইজক ৷ খোদ প্ৰশাসনৰ এনে দায়িত্বহীন কাণ্ডত এতিয়া অসহায় হৈ পৰিছে স্থানীয় ৰাইজ ৷ সকলোৰে মাজত এতিয়া এটাই প্ৰশ্ন এই ঘটনা সন্দৰ্ভত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে ৷ লগতে ৰাইজৰ প্ৰশ্ন কভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সৎকাৰৰ বাবে কেতিয়া সুকীয়া সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব তৰকাৰ তথা প্ৰশাসনে ৷

লগতে পঢ়কঃ উত্তৰ গুৱাহাটীৰ ৰহঢলা কনটেনমেন্ট জ‘ন ঘোষণা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.