ETV Bharat / state

ৰে'লৰ ভূমি বিক্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ প্ৰতিবাদ

author img

By

Published : Feb 23, 2022, 7:35 PM IST

গুৱাহাটীৰ ৰে’লৰ মাটিৰ লীজ বাতিল কৰাৰ দাবীত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বুধবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (CPIM protest in front of NF Railway headquarter)। বিজেপি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

Guwahati
ৰে'লৰ ভূমি বিক্ৰীৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ

গুৱাহাটী,২৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ ৰে’লৰ মাটিৰ লীজ বাতিল কৰাৰ দাবীত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বুধবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (CPIM protest in front of NF Railway headquarter)। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ আৰু ফেষ্টুন লৈ ৰে'লৰ মাটি বনিয়াৰ হাতত বিক্ৰী কৰা নচলিব, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । গুৱাহাটী ক্লাৱ আৰু পল্টনবজাৰস্থিত বহু মূল্যৱান ৫৮ বিঘা ৰে’ল বিভাগৰ মাটি কেন্দ্ৰীয় চৰকাৰে তিনিগৰাকী ব্যক্তিগত ব্যৱসায়ীক লীজত দিয়াৰ তীব্ৰ বিৰোধিতা কৰি চিপিআই(এম) দলে লীজ চুক্তি তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনায় ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে অসম চৰকাৰৰ সম্পূৰ্ণ জ্ঞাতসাৰে কেন্দ্ৰীয় চৰকাৰে উক্ত লীজ চক্তি সম্পাদন কৰিছে । একপ্ৰকাৰ বিক্ৰী কৰিছে । ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সুপ্ৰকাশ তালুকদাৰে কোৱা মতে ৰে'লক যদি মাটি নালাগে সেই মাটি ৰাজ্য চৰকাৰক দিব লাগে । গুৱাহাটীত বহুত ভূমিহীন মানুহ আছে । সেই মাটি ভূমিহীন মানুহৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে । তেওঁ কয় যে পৰৱৰ্তী সময়ত দলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব ।

তেওঁ কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বাবে উঠি পৰি লাগিছে আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ‘জাতীয় মুদ্ৰাকৰণ পাইপলাইন’ পৰিকল্পনা গ্ৰহণ কৰিছে । জাতীয় মুদ্ৰাকৰণ পাইপলাইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অহা চাৰি বছৰৰ ভিতৰত ছয় লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য ৰ্নিৰ্ধাৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিজেপি নেতৃত্বাধীন আন ৰাজ্য চৰকাৰসমূহৰ লগতে অসম চৰকাৰেও ৰাজ্যখনৰ সকলো চৰকাৰী সম্পত্তিৰ মূল্যসহ তালিকা প্ৰস্তুত কৰিছে আৰু ভূ-সম্পত্তিসমূহ লীজত দিয়াৰ নামত বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

গুৱাহাটীৰ মাজমজিয়াৰ মহা মূল্যৱান মাটি নামমাত্ৰ মূল্যত তিনিজন ব্যৱসায়ীক লীজত দিয়া কাৰ্য কেন্দ্ৰীয় চৰকাৰৰ জাতীয় মুদ্ৰাকৰণ পাইপলাইনৰে অংশ বিশেষ বুলি তেওঁ অভিযোগ কৰে । গুৱাহাটীৰ গুৰুত্বপূৰ্ণ পথসমূহৰো বাণিজ্যিকৰণৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰিছে বুলি ইতিমধ্যে বাতৰি প্ৰকাশিত হৈছে । গুৱাহাটী চিৰিয়াখানাও ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ যোঁ-জা চলিছে ।

গুৱাহাটী ক্লাৱৰ সমীপৰ আৰু পল্টনবজাৰস্থিত ৰে’লৰ লীজত দিয়া ৫৮ বিঘা মাটিৰ বজাৰ মূল্য কেইবাশ কোটি টকা হ’ব বুলি তথ্যবিজ্ঞ মহলে অনুমান কৰিছে । তেওঁৰ অভিযোগ এই মহামূল্যবান মাটি অতি কম মূল্যত প্ৰায় এশ বছৰৰ বাবে লীজত দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । উত্তৰ-পূবৰ দুৱাৰমুখ আৰু একমাত্ৰ মেট্ৰ'প’লিটান নগৰ গুৱাহাটীৰ ক্ৰমৱৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন পূৰাব পৰাকৈ আন্ত:গাথনি নিৰ্মাণ কৰা, সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে গুৱাহাটীৰ চৰকাৰী মাটিৰ বাবে উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰাৰ ওপৰত চিপিআই(এম) দলে গুৰুত্ব প্ৰদান কৰিছে ।

চিপিআইএময়ে ৰাজহুৱা সম্পত্তি ব্যক্তিগত ব্যৱসায়ীক গতাই দিব বিচৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি আৰু উল্লেখিত লীজ তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰে’ল মন্ত্ৰালয়ক দাবী জনায় উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে । কাৰ্যসূচীত চিপিআই(এম)ৰ ৰাজ্যিক নেতা তপন শৰ্মা, টিকেন দাস, শতঞ্জীৱ দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক :কাগজ কলৰ নামত আৱণ্টিত ৪,১৪১ কোটি টকাৰ হিচাপ দিয়ক : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.