গুৱাহাটী,২০ ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত CPI(M) ৰ উদ্যোগত মঙ্গলবাৰে মহানগৰী চচলৰ ধৰ্ণা স্থলীত এক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত কৰে(CPIM protest rally) । CPIM ৰ অসম ৰাজ্যিক সমিতিৰ সদস্য দেবেন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সমাবেশত উপস্থিত থাকে CPIM দলৰ প্ৰবীণ নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জনৰ তালুকদাৰ, CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আদি ।
উপস্থিত নেতাসকলে বিজেপি চৰকাৰৰ জনবিৰোধী আৰু স্বৈৰতান্ত্ৰীক কৰ্ম কাণ্ডক তীব্ৰ সমালোচনা কৰে । ভাষণ প্ৰসংগত বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে জন বিৰোধী নীতিৰে ৰাজ্য শাসন কৰিছে(MLA Manoranjan Talukdar slams BJP govt) । চৰকাৰে কৰ্ম সংস্থাপন বৃদ্ধিৰ বাবে ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ সলনি ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান সমূহ ব্যাপক হাৰত বেচৰকাৰী নীতি অনুসৰণ কৰিছে ।
বিজেপি চৰকাৰৰ এনে কৰ্মকাণ্ডৰ বাবে জনসাধাৰণৰ মাজত ক্ষোভ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিবাদৰ বিকল্প নাই বুলিও ব্যক্ত কৰে । এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্রায় তিনি শতাধিক CPIM কৰ্মী প্ৰতিবাদী সভাত উপস্থিতি থাকে ।
লগতে পঢ়ক: Athkheliya Namghar controversy : আঠখেলীয়া নামঘৰৰ বিতৰ্কৰ ৰহস্য কি ?