ETV Bharat / state

পৌৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ বাবে চি পি আই এমৰ আহ্বান

author img

By

Published : Mar 1, 2022, 7:43 PM IST

"বি জে পি চৰকাৰে অসমবাসীক দিয়া প্ৰতিশ্ৰুতিবোৰ ৰূপায়ণত চৰম ব্যৰ্থ হৈছে ।"CPIM । পৌৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ বাবে অসমৰ ভোটাৰক চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে আহ্বান জনাইছে (CPIM calls for defeating BJP in municipal elections) ।

cpim-calls-for-defeating-bjp-in-municipal-elections
পৌৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ বাবে চি পি আই এমৰ আহ্বান

গুৱাহাটী,০১ মাৰ্চ: CPIM ৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল । সংবাদমেলত BJP ক তীক্ষ্ণ সমালোচনা CPIM ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ । সমাগত পৌৰসভা নিৰ্বাচনত BJP ক পৰাজিত কৰাৰ আহ্বান জনাই প্ৰতিশ্ৰুতি পালনত চৰকাৰখন ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰে তালুকদাৰে (CPIM calls for defeating BJP in municipal elections) । BJP চৰকাৰৰ দিনত ঋণ বাঢ়িছে বুলি মন্তব্য কৰি advantage assam ৰ লক্ষ্য পূৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শণ কৰাৰ অভিযোগ তালুকদাৰৰ ।

বি জে পিৰ বিৰুদ্ধে সৰ্বাত্মক বিৰোধী গঢ়ি উঠাৰ দাবী কৰি BJPৰ মিথ্যাচাৰ আৰু অপ্ৰচাৰৰ বিৰুদ্ধে CPIMৰ ৰাজ্যজুৰি প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰে । CPIM য়ে ৬ খন জিলাত নিজা প্ৰাৰ্থী অৱতীৰ্ণ কৰিছে। কেইবাখনো জিলাত BJP বিৰোধী শক্তিক সমৰ্থন কৰাৰ কথাও সংবাদমেলত প্ৰকাশ কৰে। সংবাদমেলখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে CPIM ৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে ।

সুপ্ৰকাশ তালুকদাৰ কয়,"হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ মাজত বৃহৎ পাৰ্থক্য আছে । বাকী আৰু ফাঁকিত চলিছে বিজেপি চৰকাৰ । " লগতে তালুকদাৰে কয়,"যোৱা তিনিবছৰত অসমত বিদেশী পুঁজিৰ বিনিয়োগ হৈছে মাত্ৰ ১০৫.১২ কোটি টকা। অথচ এই সময়ত মহাৰাষ্ট্ৰত বিনিয়োগ হৈছে ২,০৪,০৮২ কোটি টকা,গুজৰাটত ১,৮৭,৪৭২ কোটি টকা ।

কেন্দ্ৰীয় চৰকাৰে পশ্চাদপদ ৰাজ্যখনত ধন বিনিয়োগ কৰাৰ সলনি 'অইল', 'অ' এন জি চি' আদি সকলোতে বেচৰকাৰীকৰণৰ নীতি অনুসৰণ কৰি সৰ্বনাশ কৰিব ধৰিছে। চৰকাৰৰ অমনোযোগিতা আৰু ভুল নীতিৰ বাবেই ৰাজ্যখনত ঔদ্যোগীকৰণৰ সলনি শিল্প উদ্যোগ ধ্বংসৰহে যেন এক অভিযান চলিছে। "কৃষিৰ ক্ষেত্ৰত BJP ব্যৰ্থতা উদঙাবলৈ গৈ তেওঁ কয়,"বিজেপি চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুনলৈ বৃদ্ধি কৰা হ'ব বুলি ঢাক-ঢোল বজাইছিল। কিন্তু সেয়া বাস্তৱায়িত হোৱা দূৰৈৰ কথা, কৃষি অৰ্থনীতিৰ বিপৰ্যয়ৰ বাবে বৃহৎ সংখ্যক কৃষকে কৃষিকাৰ্য এৰি অইন জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। "

লগতে কিছু তথ্য দাঙি ধৰি তেওঁ কয়, "কৃষক সন্মান নিধিৰ নামত দেশৰ ভিতৰতে বৃহত্তম কেলেংকাৰি হৈছে অসমত- ৮,৩৫, ২৬৮ জন অযোগ্য কৃষকক ৫৫৪ কোটি টকা অবৈধভাৱে আদায় দিয়া হয়। শেহতীয়াভাৱে কৃষি বিভাগৰ কামৰূপৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত হিতাধিকাৰীৰ ৰাজসাহায্যৰ ৫ কোটি টকা বিষয়া - কৰ্মচাৰীয়ে লুট কৰাৰ তথ্য পোহৰলৈ আহিছে।"

"ট্ৰেক্টৰ ,পাৱাৰ টিলাৰ, পাৱাৰ পাম্পক আদিৰ হিতাধিকাৰীৰ বাবে অহা ৰাজসাহায্যৰ ধন বেআইনীভাৱে বেংকৰ পৰা উলিয়াই অসাধু চক্ৰ এটাই আত্মসাৎ কৰিছে। প্ৰতিটো বিভাগতে ৰাজহুৱা ধন লুণ্ঠনৰ ঘটনা সংঘটিত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে দুৰ্নীতিৰ বিৰুদ্ধে চমক সৃষ্টি কৰিবলৈ নিতৌ ন ন নাটক পৰিৱেশন কৰি আছে।"- সুপ্ৰকাশ তালুকদাৰ ।

"শেহতীয়াকৈ অসমত ইতিমধ্যে বন্ধ হৈ পৰা কাগজ কল দুটালৈ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰত ৪,১৪১ কোটি টকা প্ৰেৰণ কৰা বুলি সংসদত দাখিল কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰালয়ে সংসদত দাখিল কৰা তথ্য অনুসৰি ২০১৪- ১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ হিন্দুস্থান কাগজ নিগম লিমিটেড(এইচ পি চি এল) ক অসমৰ কাগজ কল দুটাৰ বাবে মুঠ ৪,১৪১ কোটি টকা প্ৰদান কৰা হয়। কিন্তু এই ধনৰ এপইচাও অসমৰ কাগজ কল দুটাই লাভ কৰা নাই। তাত যিসকল বিষয়া -কৰ্মচাৰীয়ে কাম কৰিছিল, তেওঁলোকে ৬১মাহৰ দৰমহা লাভ কৰা নাই।'- সুপ্ৰকাশ তালুকদাৰ ।

লগতে পঢ়ক: ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.