ETV Bharat / state

বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ দেহাৱসান - CPI (M) leader Anil rai chaudhary is no more

উল্লেখযোগ্য যে যুক্তিবাদী আৰু বিজ্ঞানমনস্ক অনিল ৰায়চৌধুৰীয়ে মৰণোত্তৰ নেত্রদান আৰু দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি থৈছিল। কিন্তু কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ পৰিপ্ৰেক্ষিতত নেত্ৰদান সম্ভৱ নোহোৱাৰ উপক্ৰম ঘটিছে।

Anil rai chaudhary
Anil rai chaudhary
author img

By

Published : May 1, 2020, 2:02 PM IST

গুৱাহাটী, 1 মে : লক্​ ডাউনৰ মাজতে শুকুৰবাৰে পুৱা 8 বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী তথা চি পি আই (এম) দলৰ প্ৰবীণ সদস্য অনিল ৰায়চৌধুৰীয়ে ৷ 94 বছৰ বয়সত গুৱাহাটীস্থিত চানমাৰিৰ নিজা বাসভৱনত মৃত্যু হয় বুদ্ধিজীৱীগৰাকীৰ ।

যুক্তিবাদী আৰু বিজ্ঞানমনস্ক অনিল ৰায়চৌধুৰীয়ে মৰণোত্তৰ নেত্রদান আৰু দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি থৈছিল । কিন্তু কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ পৰিপ্ৰেক্ষিতত নেত্ৰদান সম্ভৱ নোহোৱাৰ উপক্ৰম ঘটিছে । মৰণোত্তৰ দেহদানৰ ইচ্ছা পূৰণৰ চেষ্টা চলোৱা হৈছে যদিও এতিয়াও সকলো কথা নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিছে পৰিয়ালৰ সদস্যই।

বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ দেহাৱসান

উল্লেখ্য যে, ১৯৬৭ ৰ পৰা নীলাচল, মণিদীপ, অসমীয়া, আৱাহন আদিত সামাজিক বিষয় সমূহৰ ওপৰত লিখামেলা আৰম্ভ কৰিছিল প্ৰথিতযশা সমাজবিজ্ঞানী অনিল ৰায় চৌধুৰী । লগতে ট্ৰেড ইউনিয়ন আন্দোলনত জড়িত হৈ বহুবাৰ কাৰাবাসও খাটিছিল তেওঁ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.