গুৱাহাটী, 10 এপ্ৰিলঃ শুকুৰবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেল সম্বোধন কৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই । যান বাহনৰ নতুন নিয়ম সন্দৰ্ভত সম্বোধন কৰা হয় এই সংবাদমেলত । আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, গুৱাহাটী মহানগৰীত অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহনসমূহৰ চলাচল সীমিতকৰণ কৰা হৈছে । শুকুৰবাৰে মহানগৰীত বাহনসমূহৰ অনুমতি পত্ৰ থাকিলেও, যিসমূহ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ দুটা সংখ্যা যুগ্ম হ'ব সেইসমূহ বাহনহে চলাব পাৰিব । আনহাতে, শনিবাৰে যিসমূহ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ দুটা সংখ্যা অযুগ্ম হ'ব সেইসমূহ বাহনহে চলাব পাৰিব । অহা দেওবাৰলৈ এই নিয়ম অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে । ইয়াৰোপৰি এতিয়াৰ পৰা সামগ্ৰী বিতৰণ কৰিবলৈ যাওতে আৰক্ষী-প্ৰশাসনৰ অনুমতি ল'ব লাগিব । সামগ্ৰী বিৰতণৰ সময়ত যিমান সম্ভৱ মানুহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰি অধিক মানুহৰ সমাগম নকৰিবলৈয়ো আহ্বান মুন্না প্ৰসাদ গুপ্তাৰ ।
উল্লেখ্য যে, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া অনুসৰি বৰ্তমানলৈ ১২০০ৰো অধিক এফআইআৰ বিহীন গোচৰৰ লগতে ২৭১৭ দুচকীয়া বাহন মহানগৰীত জব্দ কৰা হৈছে । ইয়াৰোপৰি ২০ খন তিনিচকীয়া বাহন আৰু ২৪০ খন চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে বৰ্তমানলৈ মহানগৰীৰ আৰক্ষীয়ে ১১,৯১,৫০০ টকা জৰিমনা আদায় কৰিছে । আনহাতে শুকুৰবাৰ পৰ্যন্ত গুৱাহাটীত পাৰিবাৰিক সংঘাতৰ গোচৰ ৰুজু হোৱা নাই বুলিও জানিবলৈ দিয়ে মুন্না প্ৰসাদ গুপ্তাই ।
লগতে পঢ়কঃ পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল কৃষক নেতা অখিল গগৈক