ETV Bharat / state

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা

অসমত আৰম্ভ হৈছে ক'ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ ৷ যোৱা সপ্তাহত প্ৰতিদিনে গড়ে ৭০ জনকৈ ক'ভিড আক্ৰান্ত ধৰা পৰিছিল যদিও চলিত সপ্তাহত এই সংখ্যা ১১৫ লৈ বৃদ্ধি পাইছে । এই কথা সদৰি কৰিছে ডাঃ লক্ষ্মনন এছয়ে ৷

author img

By

Published : Apr 9, 2021, 2:30 PM IST

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা
অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, ৯ এপ্ৰিল: স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই মানি ন'ললেও শেহতীয়াকৈ যে অসমত ক'ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈ গৈছে সেয়া নিশ্চিত । কিয়নো ৰাজনৈতিক কাৰচাজিৰে ভোটৰ স্বাৰ্থতেই যোৱা সময়চোৱাত ক'ভিডৰ সংক্ৰমণ পুনৰ আৰম্ভ হোৱা নাই বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈ আহিলেও বাস্তৱ ছবিখন মুঠেও তেনেকুৱা নহয় । প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অসমৰ ৰাজ্যিক মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মনন এছয়ে শুকুৰবাৰে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে অসমত বিগত প্ৰতি সপ্তাহতে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।

তেওঁ কয় যে, যোৱা সপ্তাহত প্ৰতিদিনে গড়ে ৭০ জনকৈ ক'ভিড আক্ৰান্ত ধৰা পৰিছিল যদিও চলিত সপ্তাহত এই সংখ্যা ১১৫ লৈ বৃদ্ধি পাইছে । কেৱল কালিৰ দিনটোত অৰ্থাৎ ৮ এপ্ৰিলত ৰাজ্যত ধৰা পৰিছে ২৪৫ গৰাকী ক'ভিড আক্ৰান্ত । হয়তো আগন্তুক দিনত এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে । কিন্তু আতংকময় এক পৰিবেশ কোনো কাৰণতে এতিয়াও অসমত হোৱা নাই বুলিও মন্তব্য কৰে ডাঃ লক্ষ্মননে ।

আনহাতে, বাংগালুৰু আৰু মহাৰাষ্ট্ৰৰ পৰা বিমান আৰু ৰ'লযোগে অসমলৈ অহা প্ৰতিজনকে ইতিমধ্যে ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে চৰকাৰে । মিছন ডাইৰেক্টৰ গৰাকীয়ে আৰু কয় যে ৮ এপ্ৰিলৰ নিশা পৰ্যন্ত সমগ্ৰ অসমত মুঠ ক'ভিড পজিটিভ ধৰা পৰিছে ২ লাখ ১৯ হাজাৰ ২৭২ গৰাকী । ইয়াৰে ২ লাখ ১৫ হাজাৰ ৭৯০ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে । তদুপৰি ১,১১২ গৰাকী লোকে যোৱা নিশা পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে ।

উল্লেখ্য যে যোৱা 48 ঘণ্টাত অসমত ১৯৫ আৰু ২৪৫ জন ক'ভিড আক্ৰান্ত ধৰা পৰিছে । ১৬ জানুৱাৰীৰ পৰা ৮ এপ্ৰিললৈকে অসমৰ মুঠ ১৪ লাখ লোকক কভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.