ETV Bharat / state

ৰাজ্যত সম্পূৰ্ণ ৪০ হাজাৰ ক'ভিডৰ টীকাকৰণঃ ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত ডঃ লক্ষ্মণন

author img

By

Published : Jan 29, 2021, 7:20 PM IST

Updated : Jan 29, 2021, 7:45 PM IST

ক'ভিড টীকাকৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম), অসমৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মণন এছ.ৰে ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ ৰাজ্যৰ ৩৩ খন জিলাৰ ১৭৭ টা কেন্দ্ৰত সফলতাৰে এই ভেকচিন প্ৰদান কৰি থকা হৈছে বুলি জনালে মিছন ডাইৰেক্টৰ গৰাকীয়ে ৷

covid-vaccine
ক'ভিড: অসমত ৪০ হাজাৰ টীকাকৰণ সম্পূৰ্ণ, ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত ডঃ লক্ষ্মণন

গুৱাহাটী, ২৯ জানুৱাৰী : অসমত ক'ভিড টীকাকৰণৰ কাম দ্ৰুত গতিৰে আগবাঢ়িছে । শুকুৰবাৰলৈকে ৰাজ্যৰ ৩৩ খন জিলাত ইতিমধ্যে এই টীকাকৰণৰ কাম চলি আছে । কালি পৰ্যন্ত অৰ্থাৎ ২৮ জানুৱাৰীলৈকে প্ৰায় ২৯ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে ।

শুকুৰবাৰে ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ অসমৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মণন এছে ।

ৰাজ্যত সম্পূৰ্ণ ৪০ হাজাৰ ক'ভিডৰ টীকাকৰণঃ ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত ডঃ লক্ষ্মণন

তেওঁ লগতে আৰু কয় যে, অসমৰ ৩৩ খন জিলাৰ ১৭৭ টা কেন্দ্ৰত সফলতাৰে এই ভেকচিন প্ৰদান কৰি থকা হৈছে । শুকুৰবাৰলৈ প্ৰায় ৪০ হাজাৰ স্বাস্থ্যকৰ্মী, নাৰ্চ, চিকিৎসক আদিক এই ভেকচিন প্ৰদানৰ কাম সম্পূৰ্ণ হৈ উঠাৰ তথ্য প্ৰকাশ কৰে মিছন ডাইৰেক্টৰ গৰাকীয়ে ।

কিন্তু সুখৰ খবৰ যে, প্ৰায় ৪০ হাজাৰ লোকক ভেকচিন দিয়া হ'লেও ইয়াৰে ভিতৰত মাত্ৰ ২৯ গৰাকী লোকৰ শৰীৰতহে সামান্য পাৰ্শ্বক্ৰিয়া দেখা গৈছিল ।

আনহাতে, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ৫০ বছৰ বয়সৰ উৰ্দ্ধৰ লোকসকলৰ মাজতো ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

অৱশ্যে ৰাজ্যৰ সাধাৰণ জনতাই কেতিয়া ক'ভিড ভেকচিন লাভ কৰিব সেই কথা এতিয়াও ঠিৰাং কৰিব পৰা নাই চৰকাৰে ।

লগতে পঢ়ক : চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি

Last Updated : Jan 29, 2021, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.