ETV Bharat / state

ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ তৎপৰ ৰাজ্য চৰকাৰ ৷ ক’ভিডৰ নতুন নীতি-নিয়ম সঠিকভাৱে পালন কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্যত ক’ভিডত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

author img

By

Published : May 21, 2021, 12:30 PM IST

cm concern about covid
ক’ভিড পৰিস্থিতিক লৈ তৎপৰ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 21 মে’ : সমগ্ৰ দেশৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীক লৈ সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ শেহতীয়াকৈ বহু ঠাইত গৈ বহুকেইখন চিকিৎসালয় পৰিদৰ্শন কৰি ক’ভিড পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসম আৰোগ্য নিধিলৈ 50 কোটি টকাৰ এখন চেক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ এই চেকৰ জৰিয়তে সাধ্যানুসাৰে বৰঙণি প্ৰদান কৰি টীকাকৰণ কাৰ্যসূচীক এক ‘জন আন্দোলন’ৰ ৰূপ দিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

  • মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসম আৰোগ্য নিধিলৈ ৫০কোটি টকাৰ এখন চেক তেওঁ স্বাস্থ্যমন্ত্ৰী @keshab_mahantaৰ হাতত অৰ্পণ কৰে।

    সাধ্যানুসাৰে বৰঙণি প্ৰদানৰ জৰিয়তে টীকাকৰণ কাৰ্যসূচীক এক "জন আন্দোলন"ৰ ৰূপ দিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। ২/৪ pic.twitter.com/6qriDf57YO

    — Chief Minister Assam (@CMOfficeAssam) May 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোলৈ মুঠ 36,19,975 পালি ক’ভিড ভেকচিন প্ৰদান কৰাৰ বিপৰীতে বৃহস্পতিবাৰে 50,149 পালি ভেকচিন প্ৰদান কৰা হয় ৷ টুইটযোগে এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

  • Summary of 20/5/2021

    Today’s Total 6573

    Overall Positivity Percentage (6573 cases out of 102684 test done = 6.40%)

    Kamrup(M) 1084

    Death 74

    Recovery Rate 84.25%

    — Himanta Biswa Sarma (@himantabiswa) May 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত 6,573 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 74 গৰাকী লোকৰ ৷ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 1,084 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে ৷

  • COVID-19 vaccine and coverage status of Assam as on 20.05.21

    Total doses administered till date 36,19,975
    1st dose 28,59,582
    2nd dose 7,60,393

    Total Vaccinated today 50,149

    Total vaccines available in stock >45 years 3,14,380
    18-45 years 1,16,870

নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে আংশিক লকডাউন জাৰি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ যাৰ ফলস্বৰূপে বিগত কিছুদিনৰ পৰা ৰাজ্যত ক’ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা হ্ৰাস পাইছে ৷

  • Glad to receive CM Shri @himantabiswa at my residence this evening in Guwahati. Discussed the present scenario of Assam vis-a-vis the COVID-19 management and other important matters. pic.twitter.com/b7OiznMK7s

    — Sarbananda Sonowal (@sarbanandsonwal) May 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ক’ভিডৰ নতুন নীতি-নিয়ম সঠিকভাৱে পালন কৰাৰ বাবে ৰাজ্যত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে সন্ধিয়া ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ গুৱাহাটীস্থিত বাসগৃহত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উক্ত আলোচনাত ক’ভিড ব্যৱস্থাপনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বঙাইগাঁৱত স্বাস্থ্যকৰ্মীয়ে ভংগ কৰিলে ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.