নিউজ ডেস্ক , 4 মাৰ্চ : ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ ৷ অসমত বৃহস্পতিবাৰে পুনৰ 6 জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি (Covid positive cases in Assam) ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে নিশা টুইটাৰযোগে প্ৰকাশ কৰে এই কথা (Covid update in Assam) ৷
মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, বৃহস্পতিবাৰৰ দিনটোত 3,062 গৰাকীৰ ক’ভিড পৰীক্ষণ কৰা হৈছিল ৷ ইয়াৰে 6 গৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ হৈছে .20 শতাংশ ৷ আক্ৰান্তসকলৰ দুজন কামৰূপ মহানগৰীৰ (COVID cases in Guwahati) ৷
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটত প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ দিনটোত লোক লোকৰ মৃত্যু হোৱা নাই ৷ আনহাতে আৰোগ্যৰ হাৰ হৈছে 98.88 শতাংশ ৷
লগতে পঢ়ক : Shivaratri Mahotsav at Sivadol: শিৱৰাত্ৰি মহোৎসৱৰ অন্তিম দিনা শিৱদৌলত কণ্ঠশিল্পী কল্পনা পাটোৱাৰী