ETV Bharat / state

ৰাজ্যৰ আঠখন জিলাত জটিল হৈছে ক’ভিড পৰিস্থিতি - ৰাজ্যত ক’ভিড ১৯ ৰ ভয়াৱহ ৰূপ ধাৰণ

ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ য়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ গুৱাহাটীত ক’ভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে শেহতীয়াভাৱে ৰাজ্যৰ কেইবাখনো জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ আঠখন জিলাত ক’ভিড পৰিস্থিতি জটিলৰ দিশে (covid situation is critical in eight districts of assam) গতি কৰিছে ৷

covid-situation-is-critical-in-eight-districts-of-assam
ৰাজ্যৰ আঠখন জিলাত জটিল হৈছে ক’ভিড পৰিস্থিতি
author img

By

Published : Jan 18, 2022, 9:28 PM IST

গুৱাহাটী, 18 জানুৱাৰী : অৱনতি ঘটিছে ৰাজ্যৰ কৰ’ণা পৰিস্থিতিৰ ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ আঠখন জিলাত ক’ভিড পৰিস্থিতি জটিলৰ দিশে (covid situation is critical in eight districts of assam) গতি কৰিছে ৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি জটিলৰ দিশে গতি কৰা জিলাকেইখন হৈছে ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, যোৰহাট, বৰপেটা, গোলাঘাট, কৰিমগঞ্জ আৰু নগাঁও জিলা ৷

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ডিব্ৰুগড়ত ৪৮৯ গৰাকী, তিনিচুকীয়াত ৪০৭ গৰাকী, কাছাৰত ৩৭২ গৰাকী, যোৰহাটত ৩৬৫ গৰাকী, বৰপেটাত ২৬২ গৰাকী, গোলাঘাটত ২০৩ গৰাকী, কৰিমগঞ্জত ৩১২ গৰাকী, ধুবুৰীত ২২৯ গৰাকী আৰু নগাঁও জিলাত ২৪৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷

লক্ষণীয় যে, তিনিচুকীয়া, কাছাৰ, যোৰহাট, বৰপেটা, গোলাঘাট, কৰিমগঞ্জ, ধুবুৰী আৰু নগাঁও জিলাত এদিন আগলৈ দৈনিক ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ১০০ জনৰ তলত আছিল ৷ মাত্ৰ এদিনতে এই জিলাকেইখনত ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা ২০০ ৰ অতিক্ৰম কৰিছে ৷

তদুপৰি যোৱা ১০ দিনত অৰ্থাৎ ১০ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ কামৰূপ(ম) জিলাত ৮,৯৯২ গৰাকী, ডিব্ৰুগড়ত জিলাত ১৭৩৭ গৰাকী, তিনিচুকীয়াত ১৩৩২ গৰাকী, কাছাৰত ২০১৮ গৰাকী, যোৰহাটত ১৭৮৮ গৰাকী, বৰপেটাত ৭৫৮ গৰাকী, কামৰূপ(গ্ৰাম্য) জিলাত ১৩০৮ গৰাকী, শোণিতপুৰ জিলাত ৮৬৮ গৰাকী, কৰিমগঞ্জত ৮০৭ গৰাকী, ধুবুৰীত ৬২৯ গৰাকী আৰু নগাঁও জিলাত ৭৯৮ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬,৯৮২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ক’ভিড আক্ৰান্তৰ হাৰ হৈছে ১০.৭৫ শতাংশ ৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ১১ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে কামৰূপ(ম) ৰ ২ গৰাকী, শিৱসাগৰৰ ২ গৰাকী, শোণিতপুৰৰ ২ গৰাকী আৰু ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, ডিমা হাছাও আৰু তিনিচুকীয়া জিলাত ক্ৰমে এগৰাকীকৈ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে ৷

লগতে চাওক: Karbi peace accord: শান্তি চুক্তিৰ দফা ২'৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.