গুৱাহাটী,11 মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ প্ৰতিটো ৰাজনৈতিক দল এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৷ এই ব্যস্ততাৰ মাজত যেন ক'ৰবাত হেৰাই গৈছে ক'ভিড বিধি ৷ দেশৰ নিৰ্বাচন আয়োগে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি-নিৰ্দেশনা তথা বিধি প্ৰযোজ্য কৰিছে যদিও এই বিধিসমূহ মানি চলিবলৈ যেন আহৰি ৰাজনৈতিক দলসমূহৰ নেতা-পালিনেতাৰ ৷ প্ৰায় প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগতে মাস্ক বিহীনভাৱে, সামাজিক দূৰত্ব নামানি হাজাৰ হাজাৰ লোক ওলাই আহিছে নিৰ্বাচনী ৰণলৈ ৷ জনতাক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীসকলৰো জনতাৰ সুৰক্ষাৰ প্ৰতি নাই কোনো দায়িত্ববোধ ৷ বিগত দিনকেইটাত স্পষ্টভাৱে দেখা গৈছে যে, মুখ্যমন্ত্ৰীৰ পৰা পৰা আৰম্ভ কৰি শাসক-বিৰোধীৰ কোনো এজন জন প্ৰতিনিধিয়ে মানি চলা নাই ক'ভিড বিধি ৷ এফালে প্ৰাৰ্থীত্ব লাভ কৰা সকলে ক'ভিডৰ সকলো বিধি উলংঘা কৰি আনন্দ-উল্লাসত মত্ত হৈছে আৰু আনফালে মনোনয়ন দাখিলৰ নামত চলিছে শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ মুঠতে পৰিৱেশ দেখি এনে লাগিছে যেন ক'ভিডৰ বিধি ৰাজনৈতিক নেতা-পালিনেতা সকলৰ বাবে কেৱল কাগজতে সীমাবদ্ধ হৈ ৰোৱা নিৰ্দেশনা মাথো ৷
উল্লেখ্য যে, নিৰ্বাচন আয়োগে প্ৰতিটো ক্ষেত্ৰতে ক'ভিড বিধি প্ৰযোজ্য কৰিছে ৷ ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সৈতে চাৰিজনৰ বেছি লোক যাব নোৱাৰিব ৷ ৰোড শ্ব'ৰ বাবে পাঁচখন বাহনৰ অনুমতি দিয়া হৈছে যদিও বাহন সমূহৰ মাজত 100 মিটাৰৰ ব্যৱধান থাকিব লাগিব ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ লগত দুজন সংগী থাকিব পাৰিব ৷ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক ৷ সেইদৰে ৰাজহুৱা সভা আৰু ৰেলীত ক'ভিড বিধি মানি চলিব লাগিব ৷ নিৰ্বাচনৰ দায়িত্বত থকাসকলে ক'ভিড ভেকচিন ল'ব লাগিব ৷ আনহাতে এই বিধি উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে ৷ কিন্তু বাস্তৱত সৰ্বত্ৰে পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীত ছবি ৷ যেন দায়িত্ব জ্ঞান হীন নেতা-পালিনেতা ৷ নিৰৱ দৰ্শক নিৰ্বাচনী আয়োগ ৷ বাকী ৰৈছে মাথো শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ বিপদজনক যুঁজ ৷ প্ৰায় প্ৰতি গৰাকী প্ৰাৰ্থীৰ লগতে মাস্ক বিহীনভাৱে সামাজিক দূৰত্ব নামানি হাজাৰ হাজাৰ লোক ওলাই আহিছে নিৰ্বাচনী ৰণলৈ ৷ জনতাক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীসকলৰো জনতাৰ সুৰক্ষাৰ প্ৰতি নাই কোনো দায়িত্ববোধ ৷ ইফালে নিৰ্বাচনী আয়োগেও পালন কৰিছে নীৰৱ দৰ্শকৰ ভূমিকা ৷
লগতে পঢ়কঃ যুৱ নেতা শচীন চাহুয়ে দাখিল কৰিলে মনোনয়ন
ইফালে দেশত বিগত 24 ঘণ্টাত 22,854 গৰাকী লোক ক'ৰণাত নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 126 গৰাকী লোকৰ মৃত্যু হৈছে ৷ উল্লেখ্য যে, এতিয়ালৈকে 1,12,85,561 গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ লগতে 1,58,189 গৰাকী লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে 1,89,226 গৰাকী লোক ৷ অসমতো বিগত 24 ঘণ্টাত 22 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,17,726জনলৈ বৃদ্ধি পাইছে ৷ ক'ৰণাত আক্ৰান্ত হৈ বৰ্তমানলৈ অসমত 1096 জন লোকৰ মৃত্যু হৈছে ৷ তেনেস্থলত আগন্তুক সময়ত নিৰ্বাচনৰ এই প্ৰেক্ষাপটত ক'ৰণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি ৷ এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ৷
লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ