ETV Bharat / state

শক্তিপীঠ কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ ব্যৱস্থা - কামাখ্যা ধাম

দেওবাৰৰ পৰা শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ খুলিছে যদিও প্ৰশাসনে জাৰি কৰা ক’ভিড প্ৰট’কল মানি চলিছে মন্দিৰ পৰিচালনা সমিতিয়ে । দুৰ্গা পূজাৰ পাচতহে মন্দিৰ সম্পূৰ্ণৰূপে খোলা-নোখোলা সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব ৷

Covid Protocal applied in Kamakhya Temple
কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কল
author img

By

Published : Oct 15, 2020, 10:26 AM IST

গুৱাহাটী,15 অক্টোবৰ: দেওবাৰৰ পৰা ভক্তৰ বাবে খুলি দিয়া হৈছে শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ । মন্দিৰ চৌহদৰ প্ৰৱেশদ্বাৰ খুলিলেও ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব মূল মন্দিৰত । কেৱল চৌহদত পৰিক্ৰমা কৰিব পাৰিব সকলো ভক্তই । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি মন্দিৰ পৰিচালনা সমিতিয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

নাৰ্ছাৰীত দৰ্শনাৰ্থীৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰা হৈছে,য’ত প্ৰতিগৰাকী দৰ্শনাৰ্থীকে ক’ভিড পৰীক্ষা কৰোৱা হয় । কেৱল ক’ভিড নিগেটিভ লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ।

কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কল

মন্দিৰৰ চৌহদ খোলাৰ পাচতে প্ৰতিদিনেই বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী অহা পৰিলক্ষিত হৈছে। সকলো ভক্তকে সামাজিক দূৰত্ব বজাই ৰাখি মন্দিৰ দৰ্শনৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে পৰিচালনা সমিতিয়ে । উল্লেখ্য যে,দুৰ্গা পূজাৰ পাচতহে মন্দিৰ সম্পূৰ্ণৰূপে খোলা-নোখোলা সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.