ETV Bharat / state

গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ হাৰ - ক'ভিড বিধি

২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৪৯৩ গৰাকী লোক । আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৪৭ গৰাকী কামৰূপ মহানগৰ জিলাৰ । গুৱাহাটীত পদে পদে উলংঘা হৈছে ক'ভিড বিধি । উদ্বিগ্ন স্বাস্থ্য বিভাগ । আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী-প্ৰশাসন ।

covid infection increase
গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ হাৰ
author img

By

Published : Jul 10, 2021, 1:45 PM IST

গুৱাহাটী, ১০ জুলাই : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । ৰাজ্যৰ সাতখন জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট জ'ন (Full Containment zone) ঘোষণা কৰাৰ লগতে বাকী জিলা সমূহতো কঠোৰ নীতি-নিৰ্দেশনা প্ৰযোজ্য হৈ আছে । কিন্তু তৎস্বতেও ক'ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অহা নাই ।

covid infection increase
গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ হাৰ

বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত (Covid) আক্রান্ত হৈছে ২,৪৯৩ গৰাকী লোক । আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৪৭ গৰাকী কামৰূপ মহানগৰ জিলা (Kamrup Metro)ৰ । তদুপৰি গোলাঘাটৰ ২০৯ গৰাকী, যোৰহাট জিলাৰ ১৭৬ গৰাকী আৰু লখিমপুৰ জিলাৰ ১৭৩ গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১৭,০৮৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ২,৪৯৩ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্রান্তৰ হাৰ হৈছে ২.১৩ শতাংশ । ইফালে বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা সুস্থ হৈছে ২,৪৮১ গৰাকী লোক ।

সম্প্রতি ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ (Active Covid Patient) সংখ্যা হৈছে ২১,৬৮৯ গৰাকী । আনহাতে, বিগত ২৪ ঘণ্টাত ক’ভিডত প্রাণ হেৰুৱাইছে ২৪ গৰাকী লোকে। লক্ষণীয় বিষয় যে, গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ হাৰ (Covid positivity rate) ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । যাৰ পৰিপ্ৰেক্ষিতত মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ক'ভিড নীতি-নিৰ্দেশনা কঠোৰ ভাৱে বলবৎ কৰাৰ বাবে যৌথভাৱে অভিযান আৰম্ভ কৰিছে ।

বিশেষকৈ সন্ধিয়া ৫ বজাৰ পৰা সান্ধ্য আইন (Curfew) আৰম্ভ হোৱাৰ লগে লগে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে যৌথভাৱে অভিযানত নামি পৰা দেখা গৈছে । উল্লেখ্য যে, ৰাজধানী চহৰখনত ক'ভিড পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটাৰ পাছতো ৰাইজ সজাগ-সচেতন হোৱা নাই । গুৱাহাটীত পদে পদে উলংঘা হৈছে ক'ভিড বিধি (Covid protocol) । যাৰ বাবেই ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহা ক'ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাব ধৰিছে ।

পৰিস্থিতি অনুৰূপ থাকিলে গুৱাহাটীত ক'ভিড নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাটো নিশ্চিত । উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যত ক'ভিডত প্ৰাণ হেৰুৱাইছে ৪,৭৮৮ গৰাকী লোকে । আনহাতে বিগত দহ দিনত ৰাজ্যৰ গোলাঘাট জিলাত সৰ্বাধিক ২,৭২৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

ইয়াৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত ১,৮০৩ গৰাকী, শোণিতপুৰত ১,৭২১ গৰাকী, যোৰহাটত ১,৬৮৩ গৰাকী, লখিমপুৰত ১,৬৭৬ গৰাকী, ডিব্ৰুগড়ত ১,১৭৭ গৰাকী, নগাঁৱত ১,০৭৫ গৰাকী আৰু বিশ্বনাথত ১,০০০ গৰাকী লোক বিগত দহ দিনত আক্ৰান্ত হৈছে । এতিয়ালৈকে ৰাজ্যৰ ৭৭,৮৭,২৫৯ গৰাকী লোকে ক'ভিড ভেকচিন (Covid Vaccine) লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত ৬৪,৫৮,৯১৯ গৰাকীয়ে প্ৰথম পালি আৰু ১৩,২৮,৩৪০ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়ক :কাটিগড়া আৰক্ষীৰ জালত ম’হ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.