ETV Bharat / state

ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই - শ্ৰমিকৰ জীৱন-জীৱিকা

ক'ভিডৰ প্ৰভাৱ নিৰ্মাণখণ্ডৰ সকলো ক্ষেত্রতে পৰিছে। সাধাৰণ ঘৰৰ পৰা আৰম্ভ কৰি বৃহৎ এপাৰ্টমেণ্টৰ উপৰি চৰকাৰী বৃহৎ প্ৰকল্প, ব্ৰীজ, পথ, ফ্লাইঅ'ভাৰ আদি নিৰ্মাণৰ ক্ষেত্রত স্থবিৰতাই দেখা দিছে । বিশেষকৈ শ্ৰমিকৰ অভাৱ আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা-সামগ্ৰীৰ যোগান সীমিত হৈ পৰাৰ ফলত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য প্ৰায় বন্ধ হৈ পৰিছে ।

ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

author img

By

Published : May 16, 2021, 8:19 PM IST

গুৱাহাটী, ১৩মে': ক'ভিড মহামাৰীৰ প্ৰভাৱত অচলাৱস্থাই দেখা দিছে ৰাজ্যৰ নিৰ্মাণখণ্ডত। বিগত বৰ্ষৰ পৰাই ক'ভিডৰ বাবে নিৰ্মাণখণ্ডটোৱে ব্যাপক সংকটৰ সন্মুখীন হৈছিল যদিও বছৰটোৰ শেষৰ ফালে পৰিৱেশ কিছু স্বাভাৱিক হৈছিল। কিন্তু শেহতীয়াকৈ পুনৰ ক'ভিডৰ ভয়াৱহ সংক্ৰমণ আৰু চৰকাৰীভাৱে জাৰি কৰা কঠোৰ নীতি-নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণখণ্ডটোত অচলাৱস্থাই দেখা দিছে ।

ক'ভিডৰ প্ৰভাৱ নিৰ্মাণখণ্ডৰ সকলো ক্ষেত্রতে পৰিছে । সাধাৰণ ঘৰৰ পৰা আৰম্ভ কৰি বৃহৎ এপাৰ্টমেণ্টৰ উপৰি চৰকাৰী বৃহৎ প্ৰকল্প, ব্ৰীজ, পথ, ফ্লাইঅ'ভাৰ আদি নিৰ্মাণৰ ক্ষেত্রত স্থবিৰতাই দেখা দিছে। বিশেষকৈ শ্ৰমিকৰ অভাৱ আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা-সামগ্ৰীৰ যোগান সীমিত হৈ পৰাৰ ফলত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য প্ৰায় বন্ধ হৈ পৰিছে ।

বৰ্তমান পৰিস্থিতিত কোনো প্ৰকল্পই সময়মতে হৈ উঠাৰ সম্ভাৱনা নাই । ইফালে শ্ৰমিকৰ অভাৱৰ মাজতে শ্ৰমিকৰ মজুৰী বহু পৰিমানে বৃদ্ধি পোৱাৰ উপৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছে । সমান্তৰাকৈ পৰিবহণ ব্যয়ো বহু গুণে বৃদ্ধি পাইছে।

ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

তেনেস্থলত সকলো ধৰণৰ নিৰ্মাণ কাৰ্যৰ ব্যয় বহু পৰিমানে বৃদ্ধি পাইছে । চৰকাৰী কঠোৰ নীতি-নিৰ্দেশনাৰ মাজত কম সংখ্যক শ্ৰমিকৰ দ্বাৰা বহু নিৰ্মাণ কাৰ্য তথা প্ৰকল্প চলি আছে যদিও ব্যয় বৃদ্ধিক লৈ সমস্যাত পৰিছে বিল্ডাৰ তথা ঠিকাদাৰসকল।

ইফালে চৰকাৰী বিভিন্ন বিভাগৰ ঠিকা কৰা ঠিকাদাৰ সকলেও বৰ্ত্তমান পৰিস্থিতিত মূৰে-কপালে হাত দিবলগীয়া হৈছে। ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে শ্ৰমিকসকল ভয়তে ঘৰলৈ যোৱাত এতিয়া সংকটত পৰিছে নিৰ্মাণ কাৰ্যৰ বিশাল ব্যৱসায়টোৰ লগত জড়িত লোকসকল। এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বিল্ডাৰ তথা ঠিকাদাৰসকলে চৰকাৰৰ সহযোগিতা কামনা কৰিছে।

আনহাতে শ্ৰমিকসকলক ভেকচিন প্ৰদানৰ প্ৰসংগও উত্থাপন হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে উত্তৰায়ন ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাকেশ চৌধু্ৰী, লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ সমীৰ নাথ আৰু আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ 'এৰিডা'ৰ সভাপতি অভিযন্তা পি কে শৰ্মাই ।

উল্লেখ যে, ৰাজ্যৰ কেৱল নিৰ্মাণখণ্ডতে অসংগঠিত ৰূপত বাৰ লাখৰো অধিক লোক শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। ক'ভিডৰ ভয়াৱহতাৰ বাবে এইসকল শ্ৰমিকৰ জীৱন-জীৱিকাৰ প্ৰতি সংকট নামি আহিছে। বহুতে পেটৰ তাড়নাত কাম কৰিবলৈ ওলাই আহিছে যদিও ক'ভিডক লৈ শংকাও আছে।

লগতে পঢ়কঃ পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.