ETV Bharat / state

২০০ খন আইচিইউ যুক্ত বিচনাৰে সাজু GMCH ৰ ক'ভিড হাস্পতাল

author img

By

Published : Jun 26, 2021, 7:13 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সাজু কৰি তোলা হৈছে ২০০ খন আইচিইউ বিচনাযুক্ত ক'ভিড হাস্পতাল । বিধায়ক আৱাস চৌহদত প্ৰস্তাৱিত অ'পিডি চিকিৎসালয়ৰ বাবে বাচনি কৰা স্থান পৰিদৰ্শন স্বাস্থ্যমন্ত্রীৰ ।

health minister
প্ৰায় সাজু GMCHৰ ক'ভিড হাস্পতাল

গুৱাহাটী, ২৬ জুন : ক'ভিডৰ (Covid) তৃতীয় জোৱাৰৰ (Third wave) বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । বৰ্তমান সময়ত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে ৷ চৰকাৰে ক'ভিড ৰোগীৰ বাবে বহুকেইখন ক'ভিড হাস্পতাল (Covid Hospital) আৰু ক'ভিড কেয়াৰ কেন্দ্ৰ (Covid care centre) সাজু কৰি তুলিছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) সাজু কৰি তোলা হৈছে ২০০ খন আইচিইউ বিচনাযুক্ত ক'ভিড হাস্পতাল ।

health minister
সাজু GMCH ৰ ক'ভিড হাস্পতাল

শনিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই হাস্পতালখন পৰিদৰ্শন কৰে । কাম প্ৰায় সম্পূৰ্ণ হোৱা হাস্পতালখন শীঘ্ৰে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন (NHM) সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালক, স্বাস্থ্য বিভাগৰ উপ সচিবৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে ক'ভিড হাস্পতালখন পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাৱলী নিৰীক্ষণ কৰে । অসমৰ সৰ্ববৃহৎ ৮০ KL যুক্ত LMO সংলগ্ন এই হাস্পতালখনত ৪০ গৰাকী চিকিৎসক তথা ক্ৰিটিকেল কেয়াৰৰ নাৰ্চে অহৰহ চিকিৎসা সেৱা প্ৰদান কৰিব ।

health minister
অ'পিডি চিকিৎসালয়ৰ বাবে বাচনি কৰা স্থান পৰিদৰ্শন স্বাস্থ্যমন্ত্রীৰ

যাৰ দ্বাৰা ক'ভিড কেয়াৰৰ (Covid care) ক্ষেত্ৰত বিশেষ সহায়ক হ'ব বুলি সদৰী কৰে মন্ত্রী কেশৱ মহন্তই ।

health minister
২০০ খন আইচিইউ যুক্ত বিচনাৰ সুবিধা

শনিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে বিধায়ক আৱাস চৌহদত প্ৰস্তাৱিত অ'পিডি চিকিৎসালয়খনৰ বাবে বাচনি কৰা স্থান পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত উপস্থিত থকা এন এইচ এম, অসমৰ অভিযান সঞ্চালক, স্বাস্থ্যসেৱা সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালক, এন এইচ এমৰ মুখ্য কাৰ্যবাহীৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগৰ অধীক্ষক অভিযন্তাক অ'পিডি হাস্পতালখন নিৰ্মাণৰ দিশত যাৱতীয় দিশ-নিৰ্দেশনা আগবঢ়াই মন্ত্রী কেশৱ মহন্তই । উল্লেখ্য যে, নতুন দিল্লীৰ সংসদ ভৱনত সাংসদ-প্ৰাক্তন সাংসদৰ বাবে থকা আছুতীয়া চিকিৎসালয়ৰ আৰ্হিতে দিছপুৰৰ বিধায়ক আৱাসত এই অ'পিডি হস্পিতালখন(OPD Hospital) স্থায়ীভাৱে নিৰ্মাণৰ বিষয়ে বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনা মিলিত হয় স্বাস্থ্যমন্ত্রীগৰাকী ।

লগতে পঢ়ক: মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.