ETV Bharat / state

ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ - Covid 19 Assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ ক'ভিড (Covid 19)ৰ সংক্ৰমণ বৃদ্ধি পাইছে। কঠোৰ বাধা-নিষেধ থকাৰ পাছতো বহু ঠাইত ক'ভিড (Covid 19)ৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই । কামৰূপ মহানগৰ জিলাকে ধৰি গোলাঘাট, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট জিলাত সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ ।

as_ghy_vaccine_crises_image_asc7209925
ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ
author img

By

Published : Jul 4, 2021, 3:39 PM IST

গুৱাহাটী, ৪ জুন : ৰাজ্য চৰকাৰে ক'ভিড ভেকচিন (Covid vaccine) পৰ্যাপ্ত মজুত আছে বুলি দাবী কৰি অহাৰ সময়তে ৰাজ্যবাসীয়ে ভেকচিনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ভেকচিনৰ বাবে এতিয়া ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ঠায়ে ঠায়ে ৰাইজে ঘণ্টাৰ পাছত ঘণ্টা ৰ'দ-বৰষুণ নেওচি ভেকচিন কেন্দ্ৰত বোন্দাপৰ দিয়াৰ পাছতো ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই । বিভিন্ন জিলাত ওৰে নিশা শাৰী পাতিও বহু লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

as_ghy_vaccine_crises_image_asc7209925
ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

লক্ষণীয় বিষয় যে, স্বাস্থ্য বিভাগে ভেকচিন পৰ্যাপ্ত থকাৰ কথা ঘোষণা কৰিলেও কিন্তু বাস্তৱত ভেকচিন কেন্দ্ৰসমূহলৈ চাহিদাৰ বিপৰীতে অতি কম সংখ্যক ভেকচিন প্ৰেৰণ কৰাত বহুসংখ্যক লোকে ভেকচিন নাপাই ঘূৰি যাব লগা হৈছে । যাৰবাবে ঠায়ে ঠায়ে অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈছে । কেন্দ্ৰীয় চৰকাৰে ৩০ জুনত অসমলৈ সাত লাখ ড'জ ভেকচিন (vaccine) প্ৰেৰণ কৰিছিল যদিও পৰবৰ্ত্তী সময়ত যোগান নধৰাত স্বাস্থ্য বিভাগে দৈনিক ভেকচিন প্ৰদানৰ হাৰ হ্ৰাস কৰি আনিছে । যাৰ পৰিণতিত ভেকচিনৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ।

ইফালে ভেকচিনৰ নাটনিৰ বাবে বহু কেন্দ্ৰত স্বাস্থ্য বিভাগে ভেকচিনৰ যোগান ধৰিব পৰা নাই । দৈনিক তিনি লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰাজ্য চৰকাৰে প্ৰায়ে এক লাখ লোককে ভেকচিন দিবলৈ সমৰ্থ হোৱা নাই ।

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫৫,৫৭১ গৰাকী লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ৩০ জুনত মাত্র ১৩,৮৬০ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছিল । চৰকাৰী তথ্য মতে বৰ্তমান স্বাস্থ্য বিভাগৰ হাতত মজুত আছে ১.৫৭ লাখ ড'জ ভেকচিন । ইয়‍াৰ দ্বাৰা সহজে অনুমান কৰিব পাৰি যে দৈনিক কিমান লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হ'ব পাৰে ।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ ক'ভিড (Covid 19)ৰ সংক্ৰমণ বৃদ্ধি পাইছে । কঠোৰ বাধা-নিষেধ থকাৰ পাছতো বহু ঠাইত ক'ভিড (Covid 19)ৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা নাই । কামৰূপ মহানগৰ জিলাকে ধৰি গোলাঘাট, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট জিলাত সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । ইয়াৰ ভিতৰত গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি অধিক বিপদজনক হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নতুন এছ অ' পি (SOP) জাৰি কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ।

বিগত ২৪ ঘণ্টাত গোলাঘাটত ক'ভিড (Covid 19) পজিটিভৰ হাৰ আছিল ৪.৬ শতাংশ । অথচ গোলাঘাট জিলাৰ বোকাখাট মহকুমা সম্পূৰ্ণ কনটেইনমেণ্ট জ'ন হৈ আছে । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৩৪,০৮৫ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ২,৩৭৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে । সেই হিচাপত আক্রান্তৰ হাৰ ১.৭৭ শতাংশ ।

একেদৰে বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হয় ২৮ গৰাকী লোক । আক্রান্ত হোৱাসকলৰ ভিতৰত গোলাঘাটৰ ৩১৬ গৰাকী, যোৰহাটৰ ২৩১গৰাকী, কামৰূপ মেট্র’ৰ ১৬৮ গৰাকী আৰু লখিমপুৰৰ ১৬৬ গৰাকী ।

আনহাতে, বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২,৫২৪ গৰাকী লোকে । বর্তমান ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯৪.২৪ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৯০ শতাংশ । অসমত বর্তমান ২৩,৭৩৭ গৰাকী সক্রিয় ক’ভিড ৰোগী আছে ।

চৰকাৰী তথ্য মতে ২৪ জুনৰ পৰা বিগত ১০ দিনত জিলা অনুসৰি ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গোলাঘাটত ২,৭৫৪ গৰাকী, শোণিতপুৰত ১,৯৯০ গৰাকী, যোৰহাটত ১,৬৯৩ গৰাকী, কামৰূপ মেট্র’ত ১,৬২৮ গৰাকী, নগাঁৱত ১,৩৬৪ গৰাকী, ডিব্রুগড়ত ১,৩২৬ গৰাকী, বিশ্বনাথত ১,৩০৮ গৰাকী, লখিমপুৰত ১,২৭৯ গৰাকী, কামৰূপত ১,১০১ গৰাকী, মৰিগাঁৱত ১,০৫৯ গৰাকী, তিনিচুকীয়াত ৯৩৩ গৰাকী, শিৱসাগৰত ৮৪২ গৰাকী, গোৱালপাৰাত ৬৯৮ গৰাকী, ধেমাজিত ৬৯৭ গৰাকী, কাছাৰত ৬৫৫ গৰাকী, বাক্সাত ৫৪৪ গৰাকী, বৰপেটাত ৫৩৯ গৰাকী, কার্বি আংলঙত ৫৩১ গৰাকী, কৰিমগঞ্জত ৪৯৯ গৰাকী, নলবাৰীত ৪৮৩ গৰাকী, দৰঙত ৪৩৬ গৰাকী, কোকৰাঝাৰত ৪২৯ গৰাকী, চৰাইদেউত ৩৮৩ গৰাকী, ওদালগুৰিত ৩১৯ গৰাকী, হোজাইত ৩১৪ গৰাকী, বঙাইগাঁৱত ২৯০ গৰাকী, চিৰাঙত ২০৭ গৰাকী, ধুবুৰীত ২০০ গৰাকী, ডিমা হাছাওত ১৭৯ গৰাকী, মাজুলীত ১৪৪গৰাকী, হাইলাকান্দিত ১২৫ গৰাকী, পশ্চিম কার্বি আংলঙত ১০৩ গৰাকী আৰু দক্ষিণ শালমাৰাত ২২গৰাকী ।

লগতে পঢ়ক : অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.