গুৱাহাটী, ৩০ এপ্ৰিলঃ COVID-19ৰ আতংকই এইবাৰ চুইছেহি স্বয়ং মুখ্যমন্ত্ৰীৰ কাৰ্যালয় । বুধবাৰে হঠাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত এজন এনএছজি জোৱান জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ পৰাত, ততাতৈয়াকৈ তেওঁক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয় । উত্তৰাখণ্ডৰ বাসিন্দা এইজন এনএছজি জোৱান মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত কামাণ্ডো দলটোৰ গ্ৰুপ কামাণ্ডাৰৰ দায়িত্বত আছিল । মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ বিভিন্ন ভ্ৰমণৰ সময়ত এইজন জোৱান মুখ্যমন্ত্ৰীৰ গাড়ীতেই আছিল । কালি তেওঁৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা বাকীকেইগৰাকী এনএছজি জোৱানকো বেৰেকতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে । আজি গ্ৰুপ কামাণ্ডাৰ জোৱানজনৰ ক'ভিড ১৯ পৰীক্ষা কৰা হ'ব ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত COVID-19ৰ আতংক - মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত কামাণ্ডো
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাত নিয়োজিত কামাণ্ডো দলৰ গ্ৰুপ কামাণ্ডাৰৰ দায়িত্বত এগৰাকী জোৱান হঠাতে আক্ৰান্ত হয় জ্বৰ আৰু কাঁহত । আতংকই ছানি ধৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ।
![মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত COVID-19ৰ আতংক covid-19 terror in the office of chief minister, assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6999986-313-6999986-1588231708992.jpg?imwidth=3840)