গুৱাহাটী, ১০ মেঃ অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে ডেৰ লাখ টকাৰ এখন চেক । মহামাৰী COVID-19 ৰে যুঁজ দিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এই ধনৰাশি আগবঢ়াই বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে ।
দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি অধ্যক্ষ গৰাকীয়ে এই সাহাৰ্য আগবঢ়ায় । উল্লেখ্য যে, অধ্যক্ষ গোস্বামীয়ে এই সাহাৰ্যৰ উপৰিও প্ৰধানমন্ত্ৰীৰ পি এম কেয়াৰ পুঁজিলৈও সুকীয়াকৈ আগবঢ়াই এক লাখ টকাৰ বৰঙণি ।