ETV Bharat / state

গুৱাহাটীত কোভিড-১৯ত আক্রান্ত চিকিৎসক

author img

By

Published : Jun 16, 2020, 9:45 PM IST

অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড -১৯ আক্ৰান্তৰ সংখ্যা । ট্ৰেভেল হিস্ট্ৰী নথকা লোকৰ দেহতো এতিয়া এতিয়া ক'ৰণা সংক্ৰমণ হোৱাক লৈ চিন্তিত হৈ পৰিছে সকলো ।

গুৱাহাটীত কোভিড-১৯ত আক্রান্ত চিকিৎসক
গুৱাহাটীত কোভিড-১৯ত আক্রান্ত চিকিৎসক

গুৱাহাটী,১৬ জুনঃ ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। কিছুদিন পূৰ্বলৈকে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ শৰীৰতে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল যদিও এতিয়া কোনোধৰণৰ ট্ৰেভেল হিস্ট্রী নথকা লোকৰ শৰীৰতো ধৰা পৰিছে ক'ৰণা ভাইৰাছ। সাধাৰণ ৰাইজৰ লগতে চিকিৎসক তথা চিকিৎসা কর্মীও আক্রান্ত হ'বলৈ ধৰিছে ক'ৰণা ভাইৰাছত ।

গুৱাহাটীত কোভিড-১৯ত আক্রান্ত চিকিৎসক
গুৱাহাটীত কোভিড-১৯ত আক্রান্ত চিকিৎসক

আনহাতে এইবাৰ ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীৰএজন চিকিত্‍সক। পূৱ-শৰণীয়াৰ গীতাৰ্থ বৰদলৈ নামৰ গুৱাহাটীৰ এজন চিকিত্‍সকৰ শৰীৰত ধৰা পৰিছে ক'ৰণা ভাইৰাছ। ক'ৰণা ভাইৰাছত আক্ৰান্ত চিকিত্‍সকজনক চিকিৎসাৰ বাবে ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। জানিব পৰা মতে চিকিৎসক গীতাৰ্থ বৰদলৈ কিছুদিন পূৰ্বে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ আহিছিল।

উল্লেখ্য যে,বৰ্তমানলৈকে ৰাজ্যত ক'ৰণা ভাইৰাছত আক্রান্ত হৈছে ৪৩১৯ গৰাকী লোক। আক্রান্ত লোকসকলৰ ভিতৰত ২২০৫ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ক'ৰণা ভাইৰাছত আক্রান্ত হৈ বৰ্তমানলৈকে মৃত্যু হৈছে ৮ গৰাকীকৈ লোকৰ।

লগতে পঢকঃ বিহালীত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.