ETV Bharat / state

MLA Mollah granted bail: বিধায়ক আফতাব উদ্দিন মোল্লাৰ জামিন মঞ্জুৰ - Court Granted Bail to Arrested MLA mollah

কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ জামিন মঞ্জুৰ ৷ বৃহস্পতিবাৰে আদালতে জামিন প্ৰদান কৰে বিধায়ক গৰাকীক ৷

MLA Mollah grants bail
বিধায়ক আফতাব উদ্দিন মোল্লাৰ জামিন মঞ্জুৰ
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 8:02 PM IST

Updated : Nov 9, 2023, 9:40 PM IST

গুৱাহাটী, 9 নৱেম্বৰ: নামঘৰীয়াৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে যোৱা মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাক ৷ ইফালে সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাক বৃহস্পতিবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰায় ।‌

উল্লেখ্য যে, বিধায়ক মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতে মোল্লাৰ অধিবক্তাই আদালতত জামিন আৱেদন‌ কৰিছিল । বিধায়ক মোল্লাৰ অধিবক্তাই দাখিল কৰা জামিন আৱেদনৰ ওপৰত আজি আদালতত শুনানি হয় ৷ বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰি বিধায়ক মোল্লাক জামিন মঞ্জুৰ প্ৰদান কৰে ৷

ইফালে যোৱা মঙলবাৰে সন্ধিয়া দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়কগৰাকীক বুধবাৰে আদালতত হাজিৰ কৰা হৈছিল ৷ এদিনৰ‌ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল আদালতে । কিন্তু 5 দিনৰ জিম্মা বিচাৰি আৰক্ষীয়ে আবেদন কৰিছিল আদালতত । এদিনৰ ম্যাদ উকলাৰ পাচতে আৰক্ষীয়ে বিধায়কগৰাকীক আজি আদালতত পুনৰ হাজিৰ কৰোৱা হয় ।

যোৱা 7 নৱেম্বৰত দিছপুৰ আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিধায়ক মোল্লাক । বিধায়ক আৱাসৰ এফ ব্ল’কত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আৱাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক মোল্লাক ।

উল্লেখ্য যে, হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়কগৰাকী ।ভিন্ন দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ । দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ । সেই এজাহাৰৰ ভিত্তিতে বিধায়ক মোল্লাৰ বিৰুদ্ধে U/S 295A / 153A(1)(b)/505(2) ধাৰা সন্নিৱিষ্ট কৰি 2127/23 নম্বৰত গোচৰ ৰুজু কৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে ।

গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক সোধা-পোছা কৰাৰ পিচতে এছ বিত ৰখা হৈছিল । আনহাতে আইনৰ ৰোষত পৰা বিধায়ক মোল্লালৈ কংগ্ৰেছ দলৰ ফালৰ পৰা ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।

লগতে পঢ়ক:APSC scam: ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসম চৰকাৰৰ

Last Updated : Nov 9, 2023, 9:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.