গুৱাহাটী,1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শেহতীয়াকৈ মিত্ৰদল বিজেপিক সমৰ্থন জনোৱাৰ প্ৰতিবাদত দেওবাৰে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী ছাত্ৰসকলে মুখ্য কাৰ্যালয়ৰ সন্মুখত অগপৰ তিনি মন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে ৷ প্ৰতিবাদকাৰীসকলে অগপ গ' বেক, অতুল বৰা হায় হায়, কেশৱ মহন্ত মূৰ্দাবাদ আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
ইফালে প্ৰতিবাদকাৰী কটনিয়ানসকলক লতাশিল আৰক্ষীয়ে আটক কৰি উক্ত স্থানৰ পৰা আঁতৰাই নিয়ে ৷
আৰু পঢ়ক তামুলপুৰৰ গান্ধীবাৰীত বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ