ETV Bharat / state

Cotton Student hooliganism: বিজেপিৰ নেতাক প্ৰহাৰ কৰি আৰক্ষীৰ জালত তিনি কটনিয়ান - এম এন ডি পি হোষ্টেল

বিজেপিৰ নেতাক প্ৰহাৰ কৰি আৰক্ষীৰ জালত কটনিয়ান (Cotton Students beaten BJP Leader) ৷ এই ঘটনাৰ পিচতে তিনি কটনিয়ানক আটক কৰাৰ বিৰোধিতা কৰি আৰক্ষীক প্ৰশ্নৰে থকা সৰকা কৰে কটন ছাত্ৰ একতা সভাৰ সদস্যই ৷

Cotton Student hooliganism
বিজেপিৰ নেতাক প্ৰহাৰ কৰি আৰক্ষীৰ জালত তিনি কটনিয়ান
author img

By

Published : Mar 5, 2023, 10:54 PM IST

গুৱাহাটী, 5 মাৰ্চ: পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয় (Cotton university controversy)। ৰে’ল কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাৰ পিচতেই এইবাৰ বিজেপিৰ নেতাক প্ৰহাৰ কৰে কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি হোষ্টেলৰ ছাত্ৰই (Cotton Student hooliganism)৷

ইতিমধ্যে শনিবাৰে বিয়লি পানবজাৰ আৰক্ষীয়ে আৰক্ষীয়ে এই ঘটনাৰ লগত তিনি ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত কটনিয়ানকেইজন ক্ৰমে এম এন ডি পি হোষ্টেলৰ মৃগাংক কাশ্যপ, ঋষিকেশ দাস, মৌচম মহন্ত । ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল তিনি অভিযুক্ত (3 Cottonians detained)৷

দেওবাৰে ধৃত তিনি ছাত্ৰকে আদালতত হাজিৰ কৰি এদিনৰ জিন্মাত লয় পানবজাৰ আৰক্ষীয়ে । উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত বিজয় পাঠক নামৰ এজন বিজেপিৰ নেতা খোজকাঢ়ি গৈ থকা অৱস্থাত বাইকেৰে আহি থকা তিনি ছাত্ৰৰ বাইকখন পাঠকৰ ভৰিত লাগি যায় । লগে লগে বিজেপিৰ নেতাজনে ছাত্ৰকেইজনক এই কথা ওলোটাই ধৰোতে বাক বিতণ্ডাই ভয়ংকৰ ৰূপ লয় (Cotton Students beaten BJP Leader)৷

লগে লগে ছাত্ৰজনে খঙত টিঙিৰ তুলা হৈ বিজয়ক পথতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিজেপি নেতাজন ৷ আহত নেতাজনৰ শৰীৰত মুঠতে 17 চিলাই পৰিছে তেওঁ জানিবলৈ দিছিল ৷ লগতে নেতাকেইজনে কয় যে ছাত্ৰকেইজনৰ প্ৰহাৰত প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল নেতাগৰাকীৰ ৷

উল্লেখ্য যে শেহতীয়াকৈ দ্বীপজ্যোতি দাস নামৰ এজন ৰে’লৱে কৰ্মচাৰীক কটনৰ ছাত্ৰাৱাসৰ ছাত্ৰই নিশা আক্ৰমণ চলোৱাৰ ঘটনা সংঘটিত হৈছিল ৷ ৰে’লৱে ষ্টেচনৰ এজন বিষয়াক আক্ৰমণ কৰিছিল কটনৰ ছাত্ৰই । দ্বীপজ্যোতি দাস নামৰ এজন লোক আক্ৰমণৰ বলি হৈছিল ।

ইপিনে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই প্রমাণবিহীনভাৱে কেৱল মাত্ৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ছাত্ৰকেইজনক শাৰীৰিক অত্যাচাৰ কৰা কাৰ্য কিমানদূৰ ন্যায়সংগত বুলি আৰক্ষীলৈ প্ৰশ্ন উত্থাপন কৰিছে । আৰক্ষীয়ে নিৰ্দোষী ছাত্ৰৰ ওপৰত ভুলতে হলেও অত্যাচাৰ কৰি অন্যায় কৰিছে বুলি সদৰী কৰে ছাত্ৰ একতা সভাৰ ছাত্ৰসকলে ।

মানস কমল দাস সহিতে নির্দোষী কটনিয়ান কেইজনৰ ওপৰত কৰা অত্যাচাৰ কৰাৰ বাবে ক্ষমা খুজিবলৈ কটনিয়ানে দাবী উত্থাপন কৰে। কটন ছাত্ৰ একতা সভাই এই কাৰ্যক গৰিহণা দিয়ে।

লগতে পঢ়ক:Cotton Student hooliganism: বিজেপি নেতাক প্ৰহাৰ কটনৰ হোষ্টেলৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.