গুৱাহাটী, 1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে কটনিয়ানৰ । বিগত কেইবাদিন ধৰি অহৰহভাবে প্ৰতিবাদ কৰি আহিছে কটনৰ ছাত্ৰ-ছাত্ৰী সকলে । দেওবাৰেও কটন ছাত্ৰ একটা সভাৰ ছাত্ৰ-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে সমৰ্থন আদায়ৰ উদ্দেশ্যে কেইবাগৰকী সাংসদ আৰু বিধায়কক সাক্ষাৎ কৰে ।
নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানে সকলো প্ৰকাৰৰ চেষ্টা চলাই যাব বুলি মন্তব্য কৰে । সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰাও কিছু উপদেশ লয় ছাত্ৰ-ছাত্ৰী সকলে । লগতে সংসদ আব্দুল খালেককো সাক্ষাৎ ধৰি CAB ৰ বিৰুদ্ধে লোকসভাৰ মজিয়াত সবল স্থিতি ল'বলৈ আহ্বান জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ।