ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জপিওৱা ছাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:37 PM IST

পাঠদান চলি থকাৰ মাজতে হঠাতে দ্বিতীয় মহলাৰ শ্ৰেণীকোঠাৰ পৰা জপিয়াই দিছিল নিচাই ৷

cotton college student dies by jumping from second floor
দ্বিতীয় মহলাৰ পৰা জপিওৱা ছাত্ৰীৰ মৃত্যু

গুৱাহাটী, ১৩ ডিচেম্বৰ : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে । মঙলবাৰে দিনৰ ভাগত কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰী নিচা তচলিমৰ মৃত্যু । বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে । নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ আজি মৃত্যু হয় ।

মঙলবাৰে দুপৰীয়া বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা । দিনৰ ভাগত নিয়মীয়া পাঠদান চলি থকাৰ সময়তে কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল ছাত্ৰী গৰাকীয়ে । দিনৰ প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিলএই ঘটনা । নিয়মীয়া পাঠদান চলি থকাৰ সময়তে দ্বিতীয় মহলাৰ পৰা এগৰাকী ছাত্ৰীয়ে জাঁপ দিয়া ঘটনাই বিশ্ববিদ্যালয় চৌহদত চাঞ্চল্যৰ সৃষ্টি কৰে । ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ উদ্দেশ্যে এইদৰে জপিওৱা বুলি সন্দেহ কৰা হৈছে । ইয়াৰ পাছতেই আহত ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত ৷ গুৰুতৰভাৱে আহত হোৱাত ছাত্ৰী গৰাকীৰ আজি মৃত্যু হয় ।

জানিব পৰা অনুসৰি, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী নিচা তচলিম আছিল অতি মেধা সম্পন্ন । সৰুৰে পৰা পঢ়াৰ প্ৰতি আছিল ধাউতি আছিল ছাত্ৰীগৰাকীৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩% শতাংশ নম্বৰ লাভ কৰি কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি কৰিছিল ছাত্ৰী গৰাকীয়ে । গোৱালপাৰা জিলাৰ ছাত্ৰীগৰাকী গুৱাহাটীৰ এটা ব্যক্তিগত ছাত্ৰী নিবাসত আছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী । কিছুদিনৰ পৰা অন্যান্য সহপাঠীৰ পৰা আঁতৰত আছিল আৰু কাৰো লগত বিশেষ কথা-বতৰাও পতা নাছিল ছাত্ৰী গৰাকীয়ে । পাৰিবাৰিক কাৰণত ছাত্ৰীগৰাকী অতি হতাশ হৈ থকাৰ কথা তেওঁৰ সহপাঠীয়ে মঙলবাৰে সংবাদমাধ্যমৰ আগত জনাইছিল । এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈছিল পানবজাৰ থানাৰ আৰক্ষী ।

ইফালে এই ঘটনাটো সংঘটিত হোৱাৰ পিচত প্ৰথমে ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছিল যদিও, পাচলৈ পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক হত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে । অৱশ্যে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । জানিব পৰা অনুসৰি এবছৰৰ পূৰ্বে পিতৃক হেৰুৱাইছিল নিচাই ।

লগতে পঢ়ক : কটন বিশ্ববিদ্যালয়ত দ্বিতীয় মহলাৰ পৰা ছাত্ৰীৰ আত্মহত্যাৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.