ETV Bharat / state

কৰ'ণা আতংকঃ চিকিৎসক বিশেষজ্ঞৰ ৰাইজলৈ বিশেষ আহ্বান - এক্সেল কেয়াৰ হস্পিতাল

কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19 ক লৈ ৰাইজক সজাগ কৰাৰ অৰ্থে মহানগৰীৰ বৰাগাঁৱস্থিত এক্সেল কেয়াৰ হস্পিতালৰ সভাকক্ষত অনুষ্ঠিত হয় সজাগতামূলক সংবাদমেল ৷ ডাঃ ৰয়েল এফেয়াৰ্ছ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে সংবাদমেল ৷

কৰ'ণা ভাইৰাছ
কৰ'ণা আতংকঃ চিকিৎসক বিশেষজ্ঞৰ ৰাইজলৈ বিশেষ আহ্বান
author img

By

Published : Mar 21, 2020, 5:18 PM IST

Updated : Mar 21, 2020, 6:26 PM IST

গুৱাহাটী, 21 মাৰ্চঃ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ আতংক । বৰ্তমানলৈ অসমত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা কোনো লোক ধৰা পৰা নাই । কিন্তু কৰ'ণা প্ৰতিৰোধৰ বাবে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে চৰকাৰ-প্ৰশাসনে । ইয়াৰোপৰি স্বেচ্ছাসেৱী সংস্থাসমূহেও ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আছে । মহানগৰীৰ বৰাগাঁৱস্থিত এক্সেল কেয়াৰ হস্পিতালৰ সভাকক্ষত "দ্যা ৰয়েল এফেয়াৰ্ছ" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত এখন বিশেষ সজাগতামূলক সংবাদমেল অনুষ্ঠিত হয় ।

কৰ'ণা আতংকঃ চিকিৎসক বিশেষজ্ঞৰ ৰাইজলৈ বিশেষ আহ্বান

কৰ'ণাকলৈ বিয়পি পৰা বিভিন্ন উৰাবাতৰিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় সংবাদমেলৰ । য'ত তিনিগৰাকীকৈ বিশেষজ্ঞ চিকিৎসকে সাধাৰণ ৰাইজক এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই । এই সজাগতামূলক সভাত উপস্থিত থাকে ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ ডাঃ সাত্যকি শইকীয়া, মাইক্ৰ'বাই'লজীষ্ট ডাঃ ফ্ৰিঞ্চি কে. বৰুৱা, শিশু বিশেষজ্ঞ ডাঃ প্ৰাকৃতিশ বৰাৰ লগতে ডাঃ ৰয়েল এফেয়াৰ্ছৰ প্ৰতিষ্ঠাপক ৱাজিদ ৰহমান আৰু জয়শ্ৰী মালাকাৰ । কোনো বিশেষ ৰোগ নহ'লে মাক্স ব্যৱহাৰ নকৰিবলৈ ৰাইজলৈ আহ্বান বিশিষ্ট চিকিৎসক প্ৰাকৃতিশ বৰাৰ ।

কেৱল জ্বৰ, কাহ, ছৰ্দি আদি ৰোগত আক্ৰান্ত সকলেহে মাস্ক ব্যৱহাৰ কৰিব লাগে । বৰ্তমান বিভিন্ন উৰা বাতৰি বিয়পি পৰিছে । সেইসমূহত গুৰুত্ব প্ৰদান নকৰি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ডাঃ প্ৰাকৃতিশ বৰাই । বৰ্তমান কৰ'ণাৰ ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় ষ্টেজত আছে । এই সময়চোৱাতে প্ৰতিজন লোক অধিক সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজনীয় । তৃতীয় পৰ্যায়ত যাতে ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ বাবে সকলোকে চাফ চিকুণতা বজাই ৰাখিবলৈ আহ্বান জনাই ডাঃ সাত্যকি শইকীয়াই । ডাঃ ফ্ৰিঞ্চি কে. বৰুৱাই কয়, "যদিহে ভ্ৰমণ কৰিবলৈ বিশেষ দৰকাৰ নাই তেন্তে ভ্ৰমণৰ পৰা বিৰত থাকক । প্ৰয়োজন সাপেক্ষেহে ঘৰৰ বাহিৰত আহিব । খোৱা-লোৱাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই যদিও মাংস খালে ভালদৰে সিজাই খাব । চাফ চিকুণতা আৰু সজাগতায়ে এই ভাইৰাছ প্ৰতিৰোধৰ মূল উৎস"।

আৰু পঢ়কঃ কৰ’ণা ভাইৰাছৰ আতংকঃ মহাৰাষ্ট্ৰত হাঁচিওৱাৰ বাবে মাৰ-পিট যুৱকক

Last Updated : Mar 21, 2020, 6:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.