ETV Bharat / state

কৰ’ণাক ৰাজনীতিকৰণঃ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

author img

By

Published : Apr 1, 2020, 3:13 PM IST

কৰ’ণা ভাইৰাছৰ বিষয়তো একাংশ লোকে সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাই আছে । বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই ।

Corona Virus becoming political issue said APCC president Ripun Bora
ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,1 এপ্ৰিলঃ বিশ্বজুৰি এতিয়া কৰ’ণা ভাইৰাছে লৈছে ভয়াৱহ ৰূপ । এইক্ষেত্ৰত বাদ পৰি ৰোৱা নাই অসম ৷ ইতিমধ্যে অসমত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । এই ঘটনাৰ আলম লৈ একাংশই ইয়াক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাই আছে । বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই ।

ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া

বৰাৰ অভিযোগ,যি সময়ত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হৈ যুঁজ দি আছে তেনে সময়ত অসমত বিজেপি দলৰ চেলা-চামুণ্ডাই ইয়াক কেন্দ্ৰ কৰি ৰাজনীতি কৰি আছে । লগতে এই দুৰ্যোগৰ সময়ত দৰিদ্ৰ জনতাক সাহায্য বিতৰণৰ নামত বিজেপি কৰ্মীয়ে ৰাজনীতি মুনাফা আদায়ৰ আপ্ৰাণ চেষ্টা চলাই আছে বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে । এই সকলোবোৰ দিশত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ।

লগতে চাওকঃ তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীক বিচাৰি জিলা-জিলাই আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.