গুৱাহাটী, ১৬ এপ্ৰিলঃ কৰ'ণা ভাইৰাছত আক্রান্ত হৈ বুধবাৰে পুৱতি নিশা ২.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে মেঘালয়ৰ বেথানী হাস্পতালৰ স্বত্বাধিকাৰী ডঃ জন এল ছাইলো ৰিণ্টাথিয়াঙে । বৃহস্পতিবাৰে মেঘালয়ৰ ৰিয়াত্সমথিয়া প্ৰেছবিটেৰীয়ান কবৰ স্থানত সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মৰ নীতি-নিয়মৰে কবৰ দিয়া হয় চিকিৎসক গৰাকীক । বৃহস্পতিবাৰে এই কথা সদৰী কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
উল্লেখ্য যে, মেঘালয়ৰ বেথানী হাস্পতালৰ স্বত্বাধিকাৰী ডঃ জন এল ছাইলো ৰিণ্টাথিয়াঙৰ আত্মীয়সহ আন ছয় জন চিকিৎসা কৰ্মীৰ শৰীৰত পোৱা গৈছে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ।
লগতে চাওকঃ আৰৱীয় দেশৰ পৰা নাগৰিকসকলক উদ্ধাৰ কৰাৰ এয়া সময় নহয়ঃ প্ৰাক্তন ৰাষ্ট্ৰদূত