গুৱাহাটী, 11 জানুৱাৰী : সমগ্ৰ দেশজুৰি 16 জানুৱাৰীৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদানৰ কাম । ইতিমধ্যে,প্ৰায় সকলো ৰাজ্যতে ভেকচিন প্ৰদানৰ ড্ৰাই ৰান সুকলমে সম্পূৰ্ণ হৈছে ।
ভেকচিন প্ৰদানৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত ভাগ লয় আৰু ভেকচিন প্ৰদানৰ প্ৰস্তুতিৰো বুজ লয় । এই ভিডিঅ' কনফাৰেন্সত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ।
অৱশ্যে দিছপুৰৰ পৰিৱৰ্তে শিলচৰৰ পৰাহে সোণোৱালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : গোৱালপাৰা আৰক্ষীৰ জালত গুলিচালনাৰ অভিযুক্ত মাধুৰ্য ৰায়