গুৱাহাটী,১ জুন : ৰাজসাহায্যযুক্ত সাৰৰ ক্ষেত্রত চলি অহা অনিয়ম আৰু বিসংগতি ৰোধ কৰাৰ বাবে চৰকাৰে সাৰৰ পাইকাৰী ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে সাৰৰ যোগান খুচুৰা ব্যৱসায়ীৰ যোগেদি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে সাৰৰ পাইকাৰী ব্যৱসায় অসম কৃষি সামগ্রী বিপণন পৰিষদলৈ হস্তান্তৰ কৰাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু এই সিদ্ধান্তৰ পাছতো অঞ্চল বিশেষে কৃষকক সাৰ যোগানৰ নামত অনিয়ম অব্যাহত আছে ।
এই পর্যন্ত সাৰৰ পাইকাৰী ব্যৱসায়ৰ দায়িত্ব পূৰ্বৰ পাইকাৰী ব্যৱসায়ীসকলৰ হাততেই থকাত ভিতৰুৱা কিছু কিছু অঞ্চলত আগৰ দৰেই অনিয়ম-দুর্নীতি অব্যাহত আছে (Subsidy fertilizer supply discrepancy in Assam)। উল্লেখ্য যে ২৬৬ টকীয়া ৰাজসাহায্যৰ ইউৰিয়া সাৰ একাংশ ব্যৱসায়ীয়ে সুযোগ বুজি ৪৫০-৫০০ টকাত বিক্ৰী কৰাৰ অভিযোগ আছে । চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলেও নিৰ্ধাৰিত দামলৈ নাচাই ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰা দামতে ৰাজসাহায্যৰ সাৰ ক্ৰয় কৰিছে ।
জানিব পৰা মতে চলিত শালিধানৰ খেতিৰ বতৰত পূৰ্বৰ পাইকাৰী ব্যৱসায়ীসকলৰ পৰিচালনাতেই সাৰ যোগান ধৰা প্ৰক্ৰিয়াটো অব্যাহত থকাৰ সম্ভাৱনা আছে । কৃষি বিভাগৰ এক বিশেষ সূত্রই জানিবলৈ দিয়া অনুসৰি জুলাইৰ পৰাহে অসম কৃষি সামগ্ৰী বিপণন পৰিষদক সাৰৰ পাইকাৰী ব্যৱসায়ৰ দায়িত্ব দিয়া হ'ব (ASAMB to be entrusted with fertilizer wholesale business)। তাৰ আগলৈ পূৰ্বৰ অনুজ্ঞা পত্ৰ থকা ব্যৱসায়ীসকলে সাৰ যোগান ধৰিব ।
ইফালে যদিও জুলাইৰ পৰা সাৰৰ পাইকাৰী ব্যৱসায় কৃষি সামগ্রী বিপণন পৰিষদক অৰ্পণ কৰাৰ কথা চৰকাৰে বিবেচনা কৰিছে, প্ৰকৃততে বিপণন পৰিষদক এই দায়িত্ব নিয়াৰিকৈ পালনৰ বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব । কাৰণ বিপণন পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে একেদিনাই এই বৃহৎ ব্যৱসায় চম্ভালিব নোৱাৰে । তাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব । সেইদৰে সাৰ মজুত ৰখা গুদাম ঘৰৰ প্রয়োজন হ'ব ।
কৃষি সামগ্রী বিপণন পৰিষদৰ গুদাম ঘৰবোৰ ইতিমধ্যে ধানেৰে ভৰি আছে । কৃষকৰ পৰা ক্ৰয় কৰা ধান সেই গুদাম ঘৰত মজুত ৰখা হৈছে । কাৰণ চলিত বৰ্ষত এতিয়ালৈ অসম কৃষি সামগ্রী বিপণন পৰিষদে কৃষকৰ পৰা সৰ্বাধিক পৰিমাণৰ ধান ক্ৰয় কৰিছে । এনে কাৰণত সাৰৰ পাইকাৰী ব্যৱসায় পৰিচালনা কৰাৰ দায়িত্ব বিপণন পৰিষদক অৰ্পণ কৰিলেও কম সময়ৰ ভিতৰত এই দায়িত্ব পৰিচালনা কৰা সহজ নহয় ।
ইতিমধ্যে কৃষি সামগ্রী বিপণন পৰিষদৰ এক উচ্চস্তৰীয় সূত্ৰইও এই কথা প্ৰকাশ কৰিছে । এনেবোৰ কাৰণত চলিত বছৰত ৰাজসাহায্যৰ সাৰ যোগান ধৰাৰ প্ৰক্ৰিয়া সুচল কৰাত বিভিন্ন জটিলতা আহি পৰাৰ সম্ভাৱনা আছে । প্ৰয়োজনীয় আন্তঃগাঁঠনি নোহোৱাকৈ কৃষি সামগ্রী বিপণন পৰিষদক এই গুৰু দায়িত্ব দিয়া হৈছে যদিও পৰিষদে এই দায়িত্ব পালন কৰিবলৈ কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব । তেতিয়ালৈকে চৰা দামত কৃষকে ক্ৰয় কৰিব লাগিব ৰাজসাহায্যৰ সাৰ ।
লগতে পঢ়ক :Kaziranga closed for tourist 2022 : পৰ্যটকৰ বাবে বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান