ETV Bharat / state

National consumer day: গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ - National consumer day

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো পালন ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস (National consumer day)। এই দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গ্ৰাহক সুৰক্ষা সংস্থাই । গ্ৰাহকৰ সুৰক্ষা আৰু বিভিন্ন দাবীৰে এই প্ৰতিবাদ সংস্থাৰ ।

Guwahati
গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ
author img

By

Published : Dec 24, 2021, 5:55 PM IST

গুৱাহাটী,২৪ ডিচেম্বৰ : সমগ্ৰ দেশতে ২৪ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে পালন কৰা হয় (National consumer day)। শুকুৰবাৰৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয় (National consumer day observed in Assam)। কিন্তু এই দিনটোতে গ্ৰাহক সুৰক্ষা আইন কঠোৰভাৱে বলৱৎ কৰাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গ্ৰাহক ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ দাবীৰে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ ৰটাৰী পইণ্টত গ্ৰাহক সুৰক্ষা সংস্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Consumer Protection Agency protest in Guwahati)। বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, ভেজাল দুৰ্নীতিৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগ কঠোৰ হোৱা, পৌৰ নিগমে নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰা, বজাৰ নিয়ন্ত্ৰণ অটুট ৰখা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগত কৰণ বন্ধ কৰা আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংস্থাৰ উপদেষ্টা লিলি দাস, সভাপতি বীৰেন্দ্ৰ কুমাৰ দাস, সম্পাদক বাবুল চৌধুৰী প্ৰমুখ্যে বহুসংখ্যক সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক :Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.