গুৱাহাটী, 7 মে' : অসমত টাটা ট্ৰাষ্টৰ সহযোগত একেলগে ১৯ খনকৈ কেঞ্চাৰ হাস্পতাল নিৰ্মাণৰ ঘোষণাই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছিল অসমবাসীক । কিয়নো দেশৰ সৰ্বাধিক কেঞ্চাৰ ৰোগী আছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত । দৈনিক অসম বা উত্তৰ-পূৱৰ যথেষ্ঠ সংখ্যক কেঞ্চাৰ ৰোগী চিকিৎসাৰ বাবে যাবলগীয়া হয় মুম্বাইলৈ । তেনেক্ষেত্ৰত এই সিদ্ধান্তই কঢ়িয়াই আনিছিল আশাৰ বতৰা ।
এই বিশাল প্ৰকল্পৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল এগৰাকী সুদক্ষ অসম সন্তানক ৷ বিশ্বখ্যাত কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক দিয়া হৈছিল সঞ্চালকৰ দায়িত্বভাৰ ৷ মুম্বাইত কৰ্মৰত ডাঃ তপন শইকীয়াৰ সুখ্যাতি বিশ্বব্যাপী ৷ কিন্তু দুখৰ বিষয় যে, যোৱা দুটা বছৰে এই ১৯ খন কেঞ্চাৰ হাস্পতাল নিৰ্মাণৰ কাম ৫০ শতাংশও আগনাবাঢ়িল । চৰকাৰে ঘোষণা কৰিছিল যে অসমৰ বিভিন্ন প্ৰান্তত লেভেল ১, লেভেল ২ আৰু লেভেল ৩ ৰ মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল এই প্ৰকল্পৰ অধীনত গঢ়ি তোলা হব । কিন্তু কাৰ্যতঃ সেই অনুসৰি কোনো কামেই আগনাবাঢ়িল ।
চৰকাৰ-টাটা ট্ৰাষ্টৰ হোহকা পিছলাত হতাশ-ক্ষুব্ধ ডাঃ তপন শইকীয়া ৷ ক্ষুব্ধ হৈ সঞ্চালক পদ এৰিলে প্ৰখ্যাত কেঞ্চাৰ বিশেষজ্ঞ ডাঃ তপন শইকীয়াই ৷ নতুনকৈ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে ডাঃ আৰ্নি পুৰুষোত্তমক ৷ লণ্ডনত কৰ্মৰত ডাঃ পুৰুষোত্তম এগৰাকী আগশাৰীৰ কেঞ্চাৰ বিশেষজ্ঞ ৷ দায়িত্ব লাভৰ পিচত এবাৰেই অসমলৈ আহিছিল এইগৰাকী চিকিৎসক ৷ টাটা ট্ৰাষ্ট আৰু ৰাজ্য চৰকাৰৰ শীতল যুদ্ধৰ ফল ভুগিব লাগিব অসমৰ ৰাইজে ৷
মুঠতে এই ১৯ খন কেঞ্চাৰ হাস্পতাল অসমত কেতিয়া হৈ উঠিব সেয়া এতিয়া অনিশ্চিত । ডাঃ তপন শইকীয়াৰ দৰে এগৰাকী বিশিষ্ট চিকিৎসকে এই প্ৰকল্পৰ পৰা নিজকে আতৰাই নিয়া ঘটনাই এই অনিশ্চয়তাৰ মাত্ৰা দুগুণে বৃদ্ধি কৰিলে ।
লগতে পঢ়ক : বিশাখাপট্টনমত গেছ লিক কাণ্ডঃ শিশুসহ 9 গৰাকীৰ মৃত্যু