ETV Bharat / state

Assam CM on Delimitation: লোকসভা নিৰ্বাচনৰ আগতেই শেষ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ: মুখ্যমন্ত্ৰী

author img

By

Published : Dec 31, 2022, 8:02 PM IST

লোকসভা নিৰ্বাচনৰ আগতেই শেষ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ (Constituency Delimitation will be completed before Lok Sabha election)৷ আগন্তুক ৬-৭ মাহৰ ভিতৰত শেষ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম ৷ শনিবাৰে দিল্লীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Delimitation) ৷

Assam CM on Delimitation
আগন্তু ৬-৭ মাহৰ ভিতৰত শেষ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম

গুৱাহাটী, ৩১ ডিচেম্বৰ : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগই ৰাজ্যখনত জোকাৰণি তোলাৰ মাজতে শনিবাৰে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেবিনেটৰ বৈঠক পাতি ৪ খন জিলা বিলুপ্তি ঘটাই আন জিলাত সংলগ্ন কৰাৰ সিদ্ধান্ত ল’লে ৷ এই সিদ্ধান্তৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত সম্পৰ্ক আছে নে নাই সেয়া দিল্লীত মুখ্যমন্ত্ৰীৰ সংবাদমেলত স্পষ্ট নহ’ল ৷ সেয়া স্পষ্টকৈ নক’লেও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা (Assam CM on Delimitation) ৷

অসমত অহা ২০২৪ ৰ লোকসভা নিৰ্বাচন (Lok Sabha election 2024) নতুনকৈ নিৰ্ধাৰণ হোৱা সীমাৰে অনুষ্ঠিত হ’ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত স্পষ্ট হৈছে সেই কথা ৷ "প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ৬/৭ মাহৰ ভিতৰত শেষ হ’ব অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation will be completed before Lok Sabha election) ৷ লোকসভা নিৰ্বাচনৰ আগতেই হ’ব ৷" - দিল্লীত কেবিনেট বৈঠকৰ পিচত দিয়া সংবাদমেলখনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টিৰ বিলুপ্তি, নতুন সমষ্টি গঠন আদি প্ৰসংগত যিবোৰ বাতৰি ওলাই আছে সেয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ ২০০৭ ৰ খচৰা অনুসৰি কৰিছে ৷ কিন্তু নতুনকৈ পুনৰ খচৰা প্ৰকাশ কৰা হ’ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগৰ লগতে আন কেইবাটাও প্ৰসংগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : Assam District Remerged: বিলুপ্ত হ’ল 4 খন জিলা, কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

২০২৩ নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ দেওবাৰে গুৱাহাটীত ১০০ খন CNG বাছ উদ্বোধন কৰি ৰাইজলৈ উৎসৰ্গা কৰা হ’ব । লগতে, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰ এছ এছক অনুসৰণ কৰো বুলি কোৱা প্ৰসংগতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ "ৰাহুল গান্ধীয়ে নাগপুৰলৈ গৈ গুৰু দক্ষিণা দিয়ক ৷ যিকোনো ব্যক্তি দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব পাৰে ৷ ৰাহুল গান্ধী কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে ৷” এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

আনহাতে, শনিবাৰে দিল্লীত অসমৰ চৰকাৰৰ কেবিনেটৰ বৈঠকৰ পিচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে ৷ এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোডীক আগন্তুক ৰঙালী বিহুৰ বাবে ১৫ বা ১৬ এপ্ৰিলত অসমলৈ আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে, অসমত হ’বলগীয়া G-২০ সন্মিলনৰ ৫ খন বৈঠকৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰোৱাৰ লগতে অসমত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয়খিনি কাৰ্যকৰী কৰাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : India Covid infections: ভাৰততত ক'ভিড সংক্ৰমিতৰ সংখ্যা হ’লগৈ 3,653

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.