ETV Bharat / state

Meitei youths killed: প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ নাই; গৌৰৱ গগৈ

মেইটে সম্প্ৰদায়ৰ দুজন যুৱকৰ অপহৰণ আৰু হত্য়াকাণ্ডক লৈ উত্তপ্ত মণিপুৰ ৷ মণিপুৰৰ জনতাৰ ক্ষোভ আৰু প্ৰতিবাদক সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছৰ ৷ ছাত্ৰ দুজনৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷

Meitei youths killed
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সংবাদমেল
author img

By ANI

Published : Sep 27, 2023, 8:30 PM IST

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ: মণিপুৰত দুজন যুৱকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ৷ ছাত্ৰ দুজনৰ মৃত্যুৰ লগত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দলটোৱে ৷ বুধবাৰে এক সংবাদমেলযোগে এই দাবী জনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৷

মণিপুৰৰ ৰাইজক সমৰ্থন আগবঢ়াই সাংসদ গগৈয়ে কয়, "ছাত্ৰ দুজনৰ অপহৰণ আৰু হত্যাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে । মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ বেদনা আৰু ক্ষোভ কংগ্ৰেছ দলে বুজি পায় আৰু আমি তেওঁলোকৰ লগত আছো ।

  • इस दुःख की घड़ी में हम मणिपुर के छात्रों, शिक्षक समाज और मणिपुर के हर नागरिक के साथ खड़े हैं।

    मणिपुर का दर्द आज पूरा देश महसूस कर रहा है।

    मणिपुर में राज्य सरकार जिस तरह लाठियों और आंसू गैस के जरिए छात्रों की आवाज दबाने की कोशिश कर रही है, कांग्रेस उसकी निंदा करती है।

    :… pic.twitter.com/tIYTJp9NFL

    — Congress (@INCIndia) September 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয়, মণিপুৰ আমাৰ দেশৰ অংগ নহয়; মণিপুৰ আমাৰ দেশ । মণিপুৰ ভাৰত আৰু ভাৰত মণিপুৰ । মণিপুৰত যি বেদনা আৰু বিভীষিকা ঘটিছে, সেই যন্ত্ৰণা আৰু ভয়াবহতা আজি সমগ্ৰ ভাৰতে অনুভৱ কৰিছে । ইফালে আৰক্ষী বিভাগৰ ভূমিকাক গৰিহণা দি সাংসদগৰাকীয়ে কয়, এই সময়ত যেতিয়া মণিপুৰৰ নাগৰিকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, তেতিয়া আৰক্ষীৰ লোকে নিৰীহ জনতাৰ ওপৰত লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শব্দ বোমা নিক্ষেপ কৰিছে ।

  • मणिपुर में मासूम युवाओं का अपहरण कर, उन्हें मारा गया। उनकी तस्वीरें सोशल मीडिया पर वायरल हैं, जो काफी भयावह हैं।

    इन युवाओं के परिवारों के प्रति कांग्रेस पार्टी सांत्वना व्यक्त करती है।

    हमारी मांग है कि अपराधियों को जल्द से जल्द पकड़ा जाए और सरकार उन पर ठोस कार्रवाई करे।

    :… pic.twitter.com/MMLmpWO4JQ

সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেওঁ কয়, “মণিপুৰত ২০২৩ চনৰ ৩ মে’ৰ পৰা হিংসা আৰম্ভ হৈছিল আৰু এই হিংসাই ৫ মাহ অতিক্ৰম কৰিলে ৷ কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ ভ্ৰমণ কৰা নাই । হয়তো মণিপুৰ তেওঁৰ বাবে নাই ।"

  • देश के प्रधानमंत्री ने मणिपुर को अपनी पीठ दिखा दी है।

    मणिपुर में करीब 5 महीने पहले हिंसा शुरू हुई, लेकिन PM मोदी आज तक वहां नहीं गए।

    नरेंद्र मोदी जी को देश ने प्रधानमंत्री क्या सिर्फ प्रचार और उद्घाटन के लिए बनाया है?

    हम जानना चाहते हैं कि PM मोदी ने बीते 5 महीनों में खुद… pic.twitter.com/L57uMC22H9

উল্লেখ্য যে, ৬ জুলাইত মণিপুৰত মেইটে সম্প্ৰদায়ৰ যুৱক দুজন নিৰুদ্দেশ হৈছিল । পাচত দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো সামাজিত মাধ্যমত ভাইৰেল হয় ৷ ছাত্ৰ দুজনৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ পাচৰে পৰাৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: Meitei youths killed: মেইটেইৰ শিক্ষাৰ্থীৰ হত্যাৰ তদন্তৰ বাবে মণিপুৰত উপস্থিত CBIৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.