ETV Bharat / state

APCC PC on Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Jan 18, 2023, 4:58 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ দ্বিমত নাই যদিও ইয়াৰ পদ্ধতিত কংগ্ৰেছৰ দ্বিমত আছে (congress against constituency delimitation process) । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কিদৰে হ'ব তাৰ কোনো ডিজাইন এতিয়ালৈকে ঠিক কৰা নাই । ২০১১ চনৰ তথ্য থকাৰ পাছতো কি যুক্তিত ২০০১ চনৰ তথ্যৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে । ইয়াৰ অন্তৰালত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্র আছে । বুধবাৰে এক সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিষয়ক শীৰ্ষ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনে ।

APCC PC on Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত প্ৰদেশ কংগ্ৰেছ
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ১৮ জানুৱাৰী : সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছ প্ৰস্তুত হৈ আছে যদিও ইয়াৰ পদ্ধতিক লৈ সন্তুষ্ট নহয় (congress against constituency delimitation process) । এই মন্তব্য বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ক শীৰ্ষ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংব‍াদমেল সম্বোধন কৰি ৰকিবুল হুছেইনে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এটা অৱধাৰিত কাম । কংগ্ৰেছ দলে ইয়াৰ বিৰোধিতা কৰা নাই (APCC remarks on constituency delimitation process) ।

কিন্তু ইয়াৰ পদ্ধতিত কংগ্ৰেছৰ দ্বিমত আছে । যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক-পত্র প্ৰদ‍ান কৰিছিল (APCC memorandum to Election Commission) । আয়োগে প্ৰদেশ কংগ্ৰেছৰ উত্থাপিত বিষয়সমূহৰ ক্ষেত্রত ইতিবাচক সঁহাৰি জনাই লিখিতভাৱে জনোৱাৰ কথা কৈছিল । কিন্তু এতিয়ালৈকে নিৰ্বাচন আয়োগে কোনো কথা ‌অৱগত কৰা নাই । য‍াৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিষয়ক শীৰ্ষ সমিতিয়ে এই ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুত হৈছে ।

আজি শীৰ্ষ সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । জিলা সমিতিসমূহৰ সভাপতিৰ লগত হোৱা এই বৈঠকত সকলোকে পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰস্তুত হৈ থকাৰ বাবে আহ্বান জনোৱা হয় (constituency delimitation in Assam) । তেওঁ লগতে কয় যে তৰুণ গগৈ চৰকাৰৰ দিনত এনআৰচিৰ কাম সম্পূৰ্ণ নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাইছিল । কিন্তু বৰ্তমান বিজেপি চৰক‍াৰে এনআৰচিৰ প্ৰসংগক এলাগী কৰি ৰাখিছে ।

এনে পৰিস্থিতিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে এই কাৰ্য সম্পাদন কৰিলে সকলোৱে কোৱাৰ সুবিধা থাকে । নিৰ্বাচন আয়োগে কৰিলে ক'বলৈ একো নাথাকে বুলিও তেওঁ কয় । আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কিদৰে হ'ব তাৰ কোনো ডিজাইন এতিয়ালৈকে ঠিক কৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্রত গঠন কৰা কংগ্ৰেছৰ জিলা সমিতিসমূহক অভিযোগ দিয়াৰ বাবে সাজু থকাৰ বাবে কোৱা হৈছে । ৰাজ্য চৰকাৰৰ কাম-কাজত ৰাইজ বিতুষ্ট বুলি সদৰী কৰি তেওঁ কয় যে শেহতীয়াকৈ ৰাজ্যত সংবিধানবিৰোধী কাম-কাজ চলি থকাত বিভিন্ন জাতি-জনগোষ্ঠী শংকিত হৈ আছে ।

তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে । সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ২০১১ চনৰ তথ্য থকাৰ পাছতো কি যুক্তিত ২০০১ চনৰ তথ্যৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে । ইয়াৰ অন্তৰালত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্র আছে । কংগ্ৰেছ দলে যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছে বুলি তেওঁ কয় । আনহাতে ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে বিভিন্ন ভয়-ভাবুকিৰে ৰাইজক ভেকচিন লোৱাৰ বাবে বাধ্য কৰালে ।

আনহাতে, ক'ভিডৰ ভেকচিন আৰু পিপিই কিটৰ নামত ব্যাপক দুৰ্নীতি হ'ল । সেইদৰে অৰ্ণমাই বৰা হত্যাকাণ্ড সন্দৰ্ভত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰসংগত তেওঁ কয় যে আৰক্ষীৰ ব্যৰ্থতা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দিব লাগে । আৰক্ষীক মাথোঁ সন্ত্রাস চলোৱাৰ বাবে ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে মুখ্যমন্ত্রীৰ কামৰ হেঁচা বৃদ্ধি পাইছে । গতিকে মুখ্যমন্ত্রীয়ে গৃহমন্ত্রীৰ দায়িত্ব এজন দায়িত্বশীল মন্ত্রীক দিয়া উচিত । সংবাদমেলত ভৰত নৰহ, প্ৰণতি ফুকন, জাকিৰ হুছেইন শিকদাৰ, মনজিত মহন্তকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :Arnamai Murder Case: আৰক্ষীক তীব্ৰ সমালোচনা প্ৰাক্তন আইজিপি ভায়লেট বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.