ETV Bharat / state

মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে - congress reactions on cm comment

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায়। বিশেষকৈ যিগৰাকী ব্যক্তি ৰাজ্যখনৰ জন গাঁথনিৰ সত্যতা জ্ঞাত বুলি আমি ভাবো। জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্য সম্পূৰ্ণ মিছা তথ্যৰ ওপৰত আধাৰত আৰু মানুহক বিপথে পৰিচালনা কৰাৰ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷

congress-reactions-on-cm-comment
মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে
author img

By

Published : Jun 11, 2021, 10:48 PM IST

গুৱাহাটী,১১ জুন : সংখ্যালঘু সম্প্ৰদায়ক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ যে, মুখ্যমন্ত্রী গৰাকীয়ে চৰকাৰখনৰ এমহীয়া কাৰ্যকাল উপলক্ষে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰিছিল । সংবাদমেলত মুখ্যমন্ত্রীগৰাকীয়ে জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত "যদি এনেকৈ জনবিস্ফোৰণ ঘটি থাকে, এদিন কামাখ্যা মন্দিৰৰ ভূমিলৈ অতিক্ৰম কৰিব, হয়তো মোৰ ঘৰলৈকে অতিক্ৰম কৰিব" বুলি মন্তব্য কৰিছিল ।

এতিয়া মুখ্যমন্ত্রীৰ এই বক্তব্যক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ । শুকুৰবাৰে এক বিবৃত্তি যোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয়-' এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায় । বিশেষকৈ যিগৰাকী ব্যক্তি ৰাজ্যখনৰ জন গাঁথনিৰ সত্যতা জ্ঞাত বুলি আমি ভাবো । ২০২০ৰ ডিচেম্বৰত প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তত্বাৱধানত হোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণৰ তথ্য মতে যোৱা পাঁচ বছৰত ভাৰতৰ বেছিভাগ ৰাজ্যতে মুঠ জনন ক্ষমতাৰ হাৰ হ্ৰাস পাইছে ।

উল্লেখযোগ্য যে, প্ৰসৱ শেষ হোৱা পৰ্যন্ত এগৰাকী মহিলাই গড় হিচাপত জন্ম দিয়া শিশুৰ ওপৰত ভিত্তি কৰি জনন ক্ষমতাৰ হাৰ নিৰ্ধাৰণ কৰা হয় । মুঠ জনন ক্ষমতাৰ হাৰ ২.১ ক প্ৰতিষ্ঠাপন হাৰ হিচাপে গণ্য কৰা হয়। জনন ক্ষমতাৰ হাৰ ২.১ তকৈ কম হ'লে মুঠ জনসংখ্যা বৰ্তমানৰ জনসংখ্যাতকৈ কমে, যিটো বিকাশৰ ঋণাত্মক হাৰ বুলি কোৱা হয়। সেই একেই সৰ্বেক্ষণ অনুসৰি অসমৰ মহিলা সকলৰ জনন ক্ষমতাৰ হাৰ ২০১৫-১৬ ৰ ২.২ ৰ পৰা ২০২০-২১ ত ১.৯ লৈ অৱনমিত হৈছে । ১.৯ যিহেতু ২.১ তকৈ ক'ম, ভবিষ্যতত অসমৰ জনসংখ্যা বৰ্তমানৰ সময়ৰ জনসংখ্যাতকৈ কমিব । মন্ত্ৰালয়ৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰশ্নই উঠিব নোৱাৰে ।

সেয়ে জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য সম্পূৰ্ণ মিছা তথ্যৰ ওপৰত আধাৰত আৰু মানুহক বিপথে পৰিচালনা কৰাৰ প্ৰয়াস। ভৱিষ্যতে কা(CAA) বলবৎ কৰি যদি বাংলাদেশ আৰু পাকিস্তানৰ পৰা অনা প্ৰব্ৰজনকাৰীৰ ফলত জনসংখ্যা বিস্ফোৰণ ঘটাৰ আশংকা কৰি এই বক্তব্য আগবঢ়াইছে, তেন্তে সেই বক্তব্য সম্ভৱত শুদ্ধ হ'ব পাৰে । সেয়া হ'লেও আমি ভাৰতীয় জাতীয় কংগ্রেছ দলে মুখ্যমন্ত্ৰীক আশ্বাস দিও যে কামাখ্যা মন্দিৰৰ ভূমি আৰু তেখেতৰ ঘৰ ৰক্ষা কৰাৰ বাবে আমি নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিম । উল্লেখযোগ্য যে, সংখ্যালঘু সম্প্ৰদায়ক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.