ETV Bharat / state

Adani financial fraud :আদানিৰ বিত্তীয় প্ৰবঞ্চনাৰ তদন্তৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - Adanis scam

আদানিৰ বিত্তীয় প্ৰবঞ্চনাৰ উচ্চ তদন্তৰ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (Congress protest in Guwahati)। ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

APCC protest in Guwahati
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
author img

By

Published : Feb 6, 2023, 4:03 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটী

গুৱাহাটী ,6 ফেব্ৰুৱাৰী: গৌতম আদানিৰ বিত্তীয় প্ৰৱঞ্চনাৰ উচ্চ তদন্তৰ দাবী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে গুৱাহাটী মহানগৰৰ ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ( LIC)মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APCC protest in Guwahati)। বিজেপিৰ ছত্ৰছায়াত আদানিয়ে সর্ববৃহৎ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ইতিমধ্যে দেশজুৰি আন্দোলন ঘোষণা কৰিছে (Adanis scam)।

এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকল দিনৰ 11 বজাত ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমবেত হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ বিজেপি চৰকাৰ হায় হায়, আদানিৰ কেলেংকাৰীৰ তদন্ত কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । ফাঁচী বজাৰস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষী চি আৰ পি এফ বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে । প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই আৰক্ষীৰ গাড়ীত তুলি নিয়ে ।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে কয় যে বিজেপি চৰকাৰে আৰক্ষীৰ দ্বাৰা কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । তেওঁ কয় যে বিজেপিৰ ছত্ৰছায়াত আদানিয়ে কৰা সর্ববৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছে দেশজোৰা আন্দোলন ঘোষণা কৰিছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বন্ধু আদানিৰ ব্যৱসায়িক প্রতিষ্ঠানত এল আই চি (লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেচন) আৰু এছ বি আইৰ (ষ্টেট বেংক অৱ ইণ্ডিয়া) দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ দ্বাৰা অত্যন্ত বিপজ্জনক লেনদেন তথা বিনিয়োগ কৰোৱাৰ পৰিণতিত আজি এল আই চিৰ ২৯ কোটি 'পলিচী'ধাৰী আৰু এছ বি আইৰ ৪৫ কোটি 'একাউণ্ট'ধাৰীক ভয়ংকৰ বিপদলৈ ঠেলি দিলে । এই ঠগবাজী আৰু লুটপাতৰ বিৰুদ্ধে দেশৰ জনতাৰ স্বাৰ্থত কংগ্ৰেছে সংগ্রামী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি তেওঁ কয় ।

জাকিৰ হুছেইন শিকদাৰে পুনৰ কয় যে প্রধানমন্ত্ৰীৰ নিৰ্দেশত এল আই চিয়ে আদানি গ্রুপত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ বাধ্য হৈছিল । যাৰ পৰিণতিত বিগত কেইদিনমানৰ ভিতৰতে এল আই চিৰ ৩৯ কোটি 'পলিচী'ধাৰী আৰু বিনিয়োগকাৰীয়ে মুঠ ৩৩,০৬০ কোটি টকাৰ লোকচানৰ ভাৰ মূৰ পাতি ল'বলগীয়া হ'ল । একেদৰে এছ বি আই আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ বেংকেও মোডী চৰকাৰৰ নিৰ্দেশত বৃহৎ পৰিমাণৰ ঋণ দিবলৈ বাধ্য হৈছিল আদানি গ্রুপক । তেওঁ কয় যে আদানিৰ এই ভয়ানক লুণ্ঠনৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত অসমৰ জিলাই জিলাই এল আই চি আৰু এছ বি আইৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।

লগতে পঢ়ক:Crackdown Against Child Marriage: অব্যাহত আছে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.