গুৱাহাটী, ১ মে: এগজিট প'লৰ দ্বাৰা জনাদেশ তথা নিৰ্বাচনী প্ৰক্ৰিয়াক উপসাহ কৰা হৈছে । এই অভিযোগ কংগ্ৰেছৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য কয়, এগজিট প'ল এগজেক্ট প'ল নহয় । একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এগজিট প'লক কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি ভট্টাচাৰ্যই সদৰি কৰে যে, সংবাদ মাধ্যমৰ উপৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে নিৰ্বাচনৰ সকলো নীতি-নিয়ম আৰু পৰম্পৰা ভংগ কৰি যি কাল্পনিক ফলাফল দাঙি ধৰিলে সেই কাৰ্যই জনাদেশকেই অৱমাননা কৰিলে । তদুপৰি নিৰ্বাচনী আয়োগৰ স্বতন্ত্রতা আৰু স্বচ্ছতাকো উপলুঙা কৰিলে।
আনহাতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শাসকীয় দলৰ শ্ৰুতলিপিত এগজিট প'ল ঘোষণা কৰিবলৈ গৈ প্ৰকৃত তথ্য পাহৰি গ'ল। বৰাকৰ তিনিখন জিলাত ১৫ টা সমষ্টিৰ বিপৰীতে ২০ টা সমষ্টিৰ কথা ক'লে । বিজেপি দলে এনে কাৰ্যৰ দ্বাৰা ভোট গণনাত জড়িত সকলৰ ওপৰত মানসিক চাপ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। বিজেপিৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি ভট্টাচাৰ্যই কয়, কিহৰ আধাৰত সমষ্টি সমূহত বিজেপিয়ে ঘোষণা কৰা অনুসৰি ভোট লাভ কৰিব । বিজেপিয়ে প্ৰচলিত গণতান্ত্রিক ব্যৱস্থাটোকে উপহাস কৰিছে ।
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভট্টাচাৰ্যই লগতে কয় যে, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ ক্ষেত্রত নিৰ্বাচন আয়োগে সম্পূৰ্ণ নিৰপেক্ষতা অৱলম্বন কৰি নিজৰ গৰিমা অক্ষয় অৱস্থাত ৰাখিব বুলি আমাৰ বিশ্বাস আছে। একেদৰে ভট্টাচাৰ্যই প্ৰৱল আত্মবিশ্বাসেৰে কয় অসমত পৰবৰ্ত্তী চৰকাৰ কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ হ'ব। ইতিমধ্যে অসমৰ ৰাইজে নিজৰ ৰায় কংগ্ৰেছৰ পক্ষত দিছে আৰু মহাজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব ।