গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ অসম প্ৰদেশ সমিতিৰ নেতা দুৰ্গা দাস বড়োয়ে কংগ্ৰেছ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰে। মোডীৰ অৰুণাচল আৰু অসম ভ্ৰমণক সমালোচনা কৰি কংগ্ৰেছৰ নেতাজনে উক্ত সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেল আয়োজন কৰি বড়োৱে কয় যে, অৰুণাচলত শক্তি প্ৰকল্প উদ্বোধন কৰাটো নিৰ্বাচনী চমকহে, সেই প্ৰকল্পৰ ৮০ শতাংশ কাম কংগ্ৰেছৰ দিনতেই কৰা হৈছিল । মোডীয়ে সদায় ফাঁকিৰ ওপৰত চলি আছে বুলি মন্তব্য কৰি বড়োৱে প্ৰশ্ন কৰে যে, যোৱা কিছুদিনৰ পূৰ্বে AIIMS ৰ আধাৰশিলা সৰুসজাইত চুইছ টিপি উদ্বোধন কৰিছিল , আজি আকৌ এইবোৰ কি কৰিলে?
ইফালে মোডীৰ সভালৈ চৰকাৰী কৰ্মচাৰীক চৰকাৰী ধনেৰে ভ্ৰমণ ভাট্টা আৰু দৈনিক ভাট্টা দি লৈ অহা হৈছে বুলিও উক্ত সংবাদমেলত প্ৰকাশ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে। আনহাতে হিটলাৰী প্ৰন্থাৰে প্ৰতিবাদ দমন কৰা কাৰ্যৰো সমালোচনা কৰে উক্ত সংবাদমেলত।