ETV Bharat / state

বাগিছাৰ শ্ৰমিক নহয়, মিঞাহে কংগ্ৰেছৰ প্ৰিয়ঃ ৰাজ্যিক বিজেপি - অসমৰ চাহ বাগানত এখনো হাইস্কুল নাছিল

সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা । ৯৬ খনকৈ আদর্শ বিদ্যালয় শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ সমাজ জীৱনলৈ এক নীৰৱ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বাগানৰ শ্ৰমিকক কেৱল ভোটবেংক হিচাবেই ব্যৱহাৰ কৰি থাকিল । নিজৰ মিঞা ভোটবেংক মজবুত কৰি ৰখাৰ স্বাৰ্থতেই বটদ্ৰৱা থানা জ্বলোৱা অপৰাধীৰ ঘৰে ঘৰে কংগ্ৰেছ নেতাই টহল দি ফুৰিছে ।

বাগিছাৰ শ্ৰমিক নহয়, মিঞাহে কংগ্ৰেছৰ প্ৰিয়ঃ ৰাজ্যিক বিজেপি

author img

By

Published : May 27, 2022, 10:00 PM IST

গুৱাহাটী,২৭ মে' : অসমৰ চাহ বাগিছা সমূহত স্থাপন কৰা ৯৬ খনকৈ আদর্শ বিদ্যালয় শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন অসম চৰকাৰে ৰাজ্যৰ সমাজ জীৱনলৈ এক নীৰৱ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ । বিজেপিৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ত আজি আয়োজন কৰা এখন সংবাদমেলত দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এইদৰে কয় ।

সংবাদমেলত বিজেপিৰ মুখপাত্ৰজনে ২৫ মে’ৰ দিনটো অসমৰ চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইতিহাস সলনি হোৱাৰ দিন বুলি মন্তব্য কৰে । স্বাধীনতাৰ সাত দশক পাৰ হোৱাৰ পিছতো অসমৰ চাহ বাগানত এখনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দুই এখন বাগানত অৱশ্যে কোম্পানীৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয় আছিল । কিন্তু এই বিদ্যালয় সমূহত নিয়মীয়া নিৰিক্ষণৰ অভাৱ তথা উপযুক্ত শিক্ষকৰ অনুপস্থিতিৰ বাবে শিক্ষাৰ মানদণ্ড তেনেই নিম্নস্তৰৰ আছিল ।

বাগিছাৰ শ্ৰমিক নহয়, মিঞাহে কংগ্ৰেছৰ প্ৰিয়ঃ ৰাজ্যিক বিজেপি

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ মজদুৰ সংঘই দীর্ঘ দিন ধৰি কোম্পানীৰ প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ বাবে দাবী জনাই আহিছিল । কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এই দাবীসমূহ আওকান কৰি বাগানাৰ শ্ৰমিকক কেৱল ভোট বেংক হিচাবেই ব্যৱহাৰ কৰি থাকিল বুলি তেওঁ অভিযোগ কৰে । দিছপুৰত বিজেপি দলৰ চৰকাৰ হোৱাৰ লগে লগেই চাহ বাগানৰ শৈক্ষিক পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কাৰ্যকৰীও কৰা হয় ।

লগতে পঢ়ক: প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ফলত ২৫ মে'ৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে ৯৬ খনকৈ বিদ্যালয় উপহাৰ দিয়ে । তদুপৰি অসম চৰকাৰে চাহ কোম্পানীৰ অধীনত থকা প্ৰাথমিক বিদ্যালয়সমূহত দুজনকৈ চৰকাৰী শিক্ষকৰ নিয়োগ কৰাৰ বাবে সিদ্ধান্ত লৈছে । চৰকাৰৰ এই সিদ্ধান্তই প্ৰাথমিক স্তৰৰ পৰাই শিক্ষা ব্যৱস্থাক সৱল কৰি তুলিব বুলি তেওঁ কয় ।

কংগ্ৰেছ আমোলত চাহ বাগানৰ বাসিন্দাই কেৱল অৱমাননা, নিৰ্যাতন-নিষ্পেষণৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি অভিযোগ কৰি তেওঁ কয় যে নূন্যতম সামাজিক মর্যদাৰ পৰাও বাগানৰ শ্ৰমিকক বঞ্চিত কৰিছিল কংগ্ৰেছ চৰকাৰে । দলটোৰ বৰ্ষীয়ান নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ পৰিচিত ব্যক্তিত্ব দেৱকান্ত বৰুৱাই চাহ বাগানৰ লোকক “কুলি” বুলি উপলুঙা কৰাৰ কথা আমি সকলোৱে জানো বুলি তেওঁ সদৰি কৰে ।

ঠিক একেদৰে বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বয়ো চাহ বাগানৰ লোকক প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত কৰাত কোনো কৃপনালী কৰা নাই । বাগানৰ ভোটেৰে সাংসদ হোৱা গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিয়ে এটা শব্দও উচ্চাৰণ কৰিবলৈ সময় পোৱা নাই । কংগ্ৰেছী নেতাসকলৰ এনে আচৰণ ঘৃণনীয় বুলি সদৰি কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ৯৬ খনকৈ আদর্শ বিদ্যালয় একে লগে শুভাৰম্ভ কৰি ৰাজ্যৰ শৈক্ষিক জগতলৈ এক নীৰৱ বিপ্লৱ নমাই অনাৰ সময়ত কংগ্ৰেছকে ধৰি ৰাজ্যৰ সকলো বিৰোধী দল বটদ্ৰৱা থানা জ্বলোৱা অপৰাধীৰ ঘৰে ঘৰে প্ৰৱাস কৰি আছিল ।

এয়াই কংগ্ৰেছৰ প্ৰকৃত নীতি বুলি বিজেপিৰ মুখপাত্ৰজনে কয়৷ নিজৰ মিঞা ভোট বেংক মজবুত কৰি ৰখাৰ স্বাৰ্থতেই বটদ্ৰৱা থানা জ্বলোৱা অপৰাধীৰ ঘৰে ঘৰে কংগ্ৰেছ নেতাই টহল দি ফুৰা বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত দলৰ মুখপাত্ৰ শৰ্মাৰ লগতে মিডিয়া কোষৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল ।

লগতে পঢ়ক: Act East Through Northeast: গুৱাহাটীত অনুষ্ঠিত Act East সম্মিলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.