গুৱাহাটী, 21মাৰ্চ: টিকট নাপাই দল এৰি থৈ যোৱা নেতাৰ তালিকাখন কংগ্ৰেছত দীঘলীয়া হৈ গৈয়েই আছে । নিতৌ একাধিক নেতাই ক্ষুব্ধ হৈ এৰি গৈছে কংগ্ৰেছ দল । ডাঃ অৰ্দ্ধেন্দু দে'ৰ পৰা আৰম্ভ কৰি গৌতম বৰালৈকে । কল্যাণ গগৈৰ পৰা আৰম্ভ কৰি ডঃ মলয়া বৰ্মনলৈকে এখন দীঘলীয়া তালিকা । এই তালিকা যাতে আৰু অধিক দীঘলীয়া নহয় তাৰ বাবে কংগ্ৰেছে এইবাৰ ক্ষুব্ধ নেতাসকলক নিচুকাবলৈ আৰম্ভ কৰিছে ৷
তাৰেই অংশ স্বৰূপে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দেওবাৰে টিকট বঞ্চিত একাংশক লৈ গঠন কৰি দিয়ে এখন গুৰুত্বপূৰ্ণ কমিটী । কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে দেৱব্ৰত শইকীয়াক ।
কমিটীখনত সদস্য হিচাপে ৰখা হৈছে ডাঃ দুৰ্লভ চমুৱা, বৰ্ণালী শইকীয়া বৰা, কাৰ্তিক কুৰ্মী, ব্ৰজেন সন্দিকৈ, বিৰিঞ্চি নেওগ, প্ৰণৱ বৰুৱা আৰু শৈলেন্দ্ৰ সোণোৱালক । এই আটাইকেইজনেই আছিল বিভিন্ন সমষ্টিৰ পৰা টিকট প্ৰত্যাশী প্ৰাৰ্থী । কিন্তু মূৰকত কংগ্ৰেছ নেতৃত্বই তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ।
এই কমিটীখনৰ কাম হ’ব ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোত থকা আইনী আসোৱাহ সমূহ চালিজাৰি চোৱা আৰু ইয়াক দূৰীকৰণৰ বাবে পৰামৰ্শ আগবঢ়োৱা ।