ETV Bharat / state

নিৰ্বাচনী আয়োগক স্মাৰকপত্ৰ প্ৰদান কংগ্ৰেছ মহাজোঁটৰ

author img

By

Published : Apr 25, 2021, 10:17 PM IST

নিখুঁতভাৱে ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী আয়োগক দেওবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে কংগ্ৰেছ মহাজোঁটে ৷ একে সময়তে, বিজেপিয়ে নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

congress-mohajot-asks-election-commission-to-conduct-clean-counting
নিৰ্বাচনী আয়োগক স্মাৰকপত্ৰ প্ৰদান কংগ্ৰেছ মহাজোঁটৰ

গুৱাহাটী, 25 এপ্ৰিল : দেওবাৰে কংগ্ৰেছ মহাজোঁটে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰি প্ৰদান কৰে স্মাৰকপত্ৰ ৷ বিধান সভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া যাতে নিখুঁত হয় তাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে আন এক অভিযোগ লৈ এখন সুকীয়া স্মাৰকপত্ৰও প্ৰদান কৰিলে মহাজোঁটে ৷

কংগ্ৰেছ মহাজোঁটৰ অভিযোগ মৰ্মে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ছোৱাত বৰ্তমানৰ চৰকাৰখনৰ হাতত বিশেষ একো ক্ষমতা নাথাকে ৷ কিন্তু, নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়তো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি দুই এক কেবিনেট পৰ্যায়ৰ মন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলক নিৰ্দেশনা দি অহা পৰিলক্ষিত হৈছে ৷

দেওবাৰে জনতা ভৱনত স্মাৰকপত্ৰ দিবলৈ গৈ সাংবাদিকৰ লগত হোৱা মত বিনিময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় -“বিজেপিয়ে নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা উলংঘা কৰিছে ৷ ক্ষমতা নথকাৰ পাছতো তেওঁলোকে জিলা উপায়ুক্ত সকলৰ লগত বৈঠক কৰিছে ৷ প্ৰকৃততে ক’ভিডৰ অচিলা লৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে ৷”

উল্লেখযোগ্য যে, স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যাওতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক সংগ দিয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ভূপেন বৰা, ৰূপজ্যোতি কুৰ্মী, দূৰ্গা দাস বড়োকে আদি কৰি কংগ্ৰেছ মহাজোঁটৰ প্ৰায় সংখ্যক নেতা কৰ্মীয়ে ৷

লগতে পঢ়ক : ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.