ETV Bharat / state

BJP State President Bhabesh Kalita: সাংসদ-বিধায়কেও কংগ্ৰেছ এৰিবলৈ সাজু হৈছে ! কংগ্ৰেছত ধুমুহা, বিজেপিত আনন্দৰ জোৱাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:13 PM IST

‘‘কংগ্ৰেছত আহিব কাল ধুমুহা ৷ কংগ্ৰেছৰ বহু বিধায়ক-সাংসদে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰি আছে ৷’’ এই কথা কলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

BJP State President Bhabesh Kalita
সাংসদ বিধায়কে এৰিবলৈ সাজু হৈছে কংগ্ৰেছ

সাংসদ বিধায়কে এৰিবলৈ সাজু হৈছে কংগ্ৰেছ

গুৱাহাটী, 11 নৱেম্বৰ : প্ৰদেশ কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি কংগ্ৰেছক বিদায় জনাই শনিবাৰে বিজেপিত যোগদান কৰিলে মধ্য অসমৰ এগৰাকী প্ৰভাৱশালী নেতা তথা নগাঁও জিলা কংগ্ৰেছ প্ৰাক্তন সভাপতি সুৰেশ বৰাই ৷ বৰাৰ লগতে শনিবাৰে বিজেপিত যোগদান কৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে ৷

বিজেপিৰ ভেঁটি কঁপাই বহু নেতা কংগ্ৰেছত যোগদানক কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা দাবীক ন্যাসাৎ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘‘যোৱা এমাহ ধৰি আমাৰ দলত ধাৰাবাহিকভাৱে বিভিন্ন দল-সংগঠনৰ নেতাই যোগদান কৰি আহিছে ৷ অহা দুমাহলৈ এই যোগদান কাৰ্যসূচী চলি থাকিব ৷’’

কংগ্ৰেছৰ দুই নেতাই শনিবাৰে বিজেপিত যোগদান কৰা প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই কয় যে, সুৰেশ বৰাৰ বিজেপিত যোগদানে নগাঁও জিলাতে নহয় সমগ্ৰ অসমতে কংগ্ৰেছৰ বাবে মোক্ষম আঘাত ৷ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ বঢ়মপুৰৰ পৰা কেইবাবাৰো মনোনীত প্ৰাৰ্থী আছিল বৰা । ইতিমধ্যে নগাঁও জিলাত বিজেপিৰ ভেটি অধিক শক্তিশালী হ’ল ৷ সুৰেশ বৰাৰ যোগদানে নগাঁৱত বিজেপিৰ কেইবাগুণো শক্তি বৃদ্ধি কৰিব ৷ শনিবাৰে এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই ৷

কংগ্ৰেছৰ আৰু বহু নেতাই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰি সভাপতি কলিতাই কয়, ‘‘বহু কেইগৰাকী কংগ্ৰেছৰ বিধায়ক-সাংসদে আমাৰ দললৈ আহিবলৈ যোগযোগ কৰি আছে ৷ তেওঁলোকে কৈছে যে, আপোনালোকে যদি আমাক লয় আমি অতি সোনকালেই বিজেপি দলত যোগদান কৰিব ৷ দুমাহ চাওঁক ৷ অচিৰেই কংগ্ৰছে দললৈ আহিব কাল ধুমুহা ৷ কংগ্ৰেছৰ পৰা কিমান বিধায়ক, কিমান সাংসদে বিজেপিত যোগদান কৰিব চাই থাকক ৷”

কংগ্ৰেছ দলত কোন কোন থাকিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কলিতাই কয়, ‘‘ভূপেন বৰা, ধুবুৰী, বৰপেটা, জলেশ্বৰৰ কিছু নেতা কংগ্ৰেছত থাকিব ৷’’ ভূপেন বৰাও বিজেপিত যোগদান কৰিব নেকি বা বৰাক বিজেপিয়ে আদৰি নলয় নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কলিতাই কয়, ‘‘তেওঁ কংগ্ৰেছতে থাকক ৷’’

লোকসভাত বিজেপিয়ে 12 খন আসন লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, আমি 12 খনৰো অধিক আসন লাভ কৰিম ৷ এতিয়া ভৱেশ কলিতাৰ এই ঘোষণাৰ বাস্তৱ ৰূপ চাবলৈ দুমাহ অপেক্ষা কৰিব লাগিব ৷ সুৰেশ বৰাৰ দলত্যাগে কংগ্ৰেছত তোলা কঁপনিৰ পিচত কোন কোন কংগ্ৰেছৰ বিধায়ক-সাংসদে বিজেপিত যোগদানৰ বাবে সাজু হৈছে তাৰ এখন তালিকাক লৈ বিজেপি, কংগ্ৰেছ দুয়োটা দলৰে ভিতৰচ’ৰাত চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক:Opposition Leader Joins BJP: একেনিশাই পাভলুটি মাৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছ-তৃণমূলৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.