গুৱাহাটী, ২৭ জুন : প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা কংগ্ৰেছ নেতা মনজিৎ মহন্ত গুৰুতৰভাৱে অসুস্থ । বৰ্তমান গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈছে প্ৰাক্তন সাংবাদিকগৰাকী ৷ হাস্পতালখনৰ আইচিইউত কৃত্ৰিম জীয়নদায়িনী ব্যৱস্থাৰে চিকিৎসা চলাই থকা হৈছে কংগ্ৰেছ নেতাগৰাকীৰ । উল্লেখ্য যে শেহতীয়াভাৱে যোৱা ১৫ জুনত তেওঁৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈ যায় । তেতিয়াৰে পৰা চিকিৎসালয়তখনত ভৰ্তি হৈ আছিল মহন্ত ৷ কিন্তু সোমবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয় ৷
জানিব পৰা মতে, বৰ্তমানো তেওঁ সংকটমুক্ত নহয় ৷ সাংবাদিকতাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা মনজিৎ মহন্তই সম্প্ৰতি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ সক্ৰিয় ৰাজনীতিলৈ অহাৰ পূৰ্বে অসমীয়া সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল তেওঁ ৷ অসমীয়া প্ৰতিদিন আৰু অধুনালুপ্ত আজিৰ অসম কাকতত কাৰ্যবাহী সম্পদকৰ দায়িত্বত আছিল মনজিৎ মহন্ত ।
ইয়াৰ উপৰি কেইবাটাও বৈদ্যুতিন মাধ্যমৰ চেনেলৰ মুখ্য সম্পাদকৰূপে দায়িত্ব পালন কৰিছিল মনজিৎ মহন্তই ৷ উল্লেখ্য যে অগপ নেতৃত্বাধীন প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়খন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ শুভাকাংক্ষীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ৷
উল্লেখ্য যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মনজিৎ মহন্তই ৷ অৱশ্যে বিজেপিৰ অতুল বৰাৰ হাতত তেওঁ পৰাস্ত হয় । কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে তেওঁ আঞ্চলিক গণ মঞ্চ নামৰ এক ৰাজনৈতিক মঞ্চৰ নেতৃত্ব দিছিল । ইয়াৰ পিছত তেওঁ ২০২১-ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ।
লগতে পঢ়ক :Assam Govt School: শোচনীয় প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী