ETV Bharat / state

অৱশেষত বহুবল্কী শ্বেৰমানলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী - অসম আন্দোলনৰ শ্বহীদক লৈ সাম্প্ৰদায়িক মন্তব্য

বিধায়ক শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ অসম আন্দোলনৰ শ্বহীদক লৈ সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত বিধায়কগৰাকী ৷ তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বিধায়কজনক নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

congress issues show cause notice to mla sherman ali
অৱশেষত বহুবল্কী শ্বেৰমানলৈ কংগ্ৰেছৰ Show Cause
author img

By

Published : Oct 1, 2021, 12:30 PM IST

গুৱাহাটী, ১ অক্টোবৰ : হকে বিহকে অবাঞ্চিত মন্তব্য কৰি পদে পদে কংগ্ৰেছক বিপদত পেলোৱা বিধায়ক শ্বেৰমান আলী আহমেদলৈ অৱশেষত প্ৰদেশ কংগ্ৰেছে আজি পুৱাতেই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বহুবল্কী বিধায়কজনক নিৰ্দেশ দিছে ।

congress issues show cause notice to mla sherman ali
তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বিধায়কজনক নিৰ্দেশ ভূপেন বৰাৰ

জাননীখনত কোৱা হৈছে যে, অসম আন্দোলনৰ শ্বহীদক লৈ তেওঁ কৰা সাম্প্ৰদায়িক মন্তব্য কোনো কাৰণতে কংগ্ৰেছ দলে সহজে গ্ৰহণ নকৰে । এজন আইন প্ৰণেতাৰ মুখত এনে ধৰণৰ মন্তব্য শোভা নাপায় । তেওঁৰ এনে মন্তব্যই কংগ্ৰেছ দলৰ মান-মৰ্যাদা হানি কৰিছে । বিশেষকৈ উপ-নিৰ্বাচনৰ পূৰ্বে তেওঁ কৰা এনে সাম্প্ৰদায়িক মন্তব্যই শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে ।

জাননীখনত লগতে এইবুলিও কোৱা হৈছে যে, ইয়াৰ পূৰ্বেও দুবাৰকৈ তেওঁ সংবাদ মাধ্যমৰ আগত বিভিন্ন বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল । যিয়ে কংগ্ৰেছ দলক অস্বস্তিত পেলাইছিল । তেওঁক তেতিয়াও সকীয়াই দিয়া হৈছিল ।

তেনেক্ষেত্ৰত, গৰুখুটিৰ উচ্ছেদৰ ঘটনাক‌ লৈ তেওঁ পুনৰ কিয় এনে সাম্প্ৰদায়িক মন্তব্য কৰিছে আৰু কিয় তেওঁৰ বিৰুদ্ধে দলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নালাগে তিনি দিনৰ ভিতৰত তাৰ কাৰণ দৰ্শাবলৈ বিধায়কগৰাকীক জাননীখনৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে ৷

উল্লেখ্য যে, ইতিমধ্যে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ উপৰিও বিভিন্ন দল-সংগঠনো বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ পৰিছে ।

লগতে পঢ়ক : শ্বেৰমান আলী ভাৰতীয় হয় নে নহয় সন্দেহ আছে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.