গুৱাহাটী,21 এপ্ৰিলঃ শনিবাৰে মহানগৰীৰ গাড়ীগাঁৱত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকে সাংসদ ভুৱনেশ্বৰ কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, মহিলা কংগ্ৰেছৰ সম্পাদিকা জুৰি শৰ্মা বৰদলৈ।
- এইবাৰৰ নিৰ্বাচন দেশৰ দ্বিতীয় স্বাধীনতা সংগ্ৰাম।
- সংবিধানক অমান্য কৰা উগ্ৰ সাম্প্ৰদায়িক RSS-বিজেপিৰ পৰা দেশ ৰক্ষা কৰিব লাগিব।
গাড়ীগাঁৱৰ এই নিৰ্বাচনী সভাত এনেদৰে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। তাৰোপৰি বিজেপিক ফাঁকিবাজ, বিশ্বাসঘাতক, প্ৰতাৰক দল বুলিও আখ্যা দিয়ে বৰাই। বিজেপি দলক মাছৰ তেলেৰে মাছ ভজা চৰকাৰ বুলিও কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে। ইফালে কংগ্ৰেছে এইবাৰ অসমত সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আত্মবিশ্বাসী সাংসদ ভুৱনেশ্বৰ কলিতা। কলিতাই দাবী কৰি কয় যে ৰাইজে সংঘাতকামী বিজেপিক প্ৰত্যাখ্যান কৰিব।